জাৰ্মানীৰ পৰা অহা প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ আয়োজন এমএছডিইৰ

614

ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে জাৰ্মানীৰ পৰা অহা এটা প্ৰতিনিধি দলৰ সৈতে আয়োজন কৰা হয় বিশেষ আলোচনা চক্ৰৰ, এই আলোচনাৰ নেতৃত্ব প্ৰদান কৰিছিল জাৰ্মান চৰকাৰৰ শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰালয়(বিএমএএছ)ৰ ৰাজ্যিক সচিব লিঅ’নি গেবাৰ্ছে। ভাৰতীয় প্ৰতিনিধি দলটোৰ হৈ উপস্থিত আছিল এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে। এই বৈঠকৰ উদ্দেশ্য আছিল দক্ষতা বিকাশত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰতৰ পৰা জাৰ্মানীলৈ দক্ষ কৰ্মশক্তিৰ গতিশীলতাৰ পথ সৃষ্টি কৰা।

এই আলোচনাৰ সময়তত জাৰ্মানীত কৰ্মশক্তিৰ অভাৱ দূৰ কৰিবলৈ ভাৰতৰ দক্ষ কৰ্মশক্তিৰ ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় আৰু যোৱা বৰ্ষৰ জুন মাহত জাৰ্মান বুণ্ডেষ্টাগেত গ্ৰহণ কৰা নতুন প্ৰব্ৰজন আইন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰা হয়। এই আলোচনাৰ উদ্দেশ্য আছিল দক্ষতা বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰা আৰু ভাৰতৰ পৰা জাৰ্মানীলৈ দক্ষ কৰ্মশক্তিৰ গতিশীলতাৰ পথ প্ৰশস্ত কৰা।

এই বিষয়ে এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে আস্থা প্ৰকাশ কৰি কয় যে এই আলোচনাই নতুন পথ প্ৰশস্ত কৰিব আৰু ভাৰত-জাৰ্মানীৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰিব। দুয়োখন দেশৰ পাৰস্পৰিক বুজাপৰা আৰু শক্তিশালী সাংস্কৃতিক সম্পৰ্কৰ দ্বাৰা চিহ্নিত এই অংশীদাৰিত্বই নবীকৰণযোগ্য শক্তি, শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ ক্ষেত্ৰত সমৃদ্ধিশালী সহযোগিতাৰ সৈতে এক জীৱন্ত কৌশলগত অংশীদাৰিত্বলৈ বিকশিত হৈছে।