পিএমজনমন আঁচনি ৰূপায়ণৰ বাবে কৌশলগত অংশীদাৰিত্ব এমএছডিইৰ

788

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অধীনত ৰাষ্ট্ৰীয় উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় বিকাশ প্ৰতিষ্ঠান (এনআইইএছবিইউডি) আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচেনে (ট্ৰাইফেড) বিশেষভাৱে পিছপৰা জনজাতি গোট(পিভিটিজি)সমূহত প্ৰধানমন্ত্ৰী জনজাতি অভিযান (পিএমজনমান) আঁচনি ৰূপায়ণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্ব হৈছে আঁচনিখনৰ অধীনত বৃত্তিমূলক শিক্ষা আৰু দক্ষতা উপাদান লাভৰ দিশত বিভিন্ন প্ৰচেষ্টাসমূহক একত্ৰিত কৰাৰ এক কৌশলগত পৰিকল্পনা।

পিএমজনমন আঁচনিৰ লক্ষ্য হৈছে পিভিটিজিৰ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত বাসস্থান, বিশুদ্ধ খোৱাপানী, অনাময়, শিক্ষা, স্বাস্থ্য, পুষ্টি, পথ আৰু দূৰসংযোগ ব্যৱস্থাৰ উন্নত সুবিধা আৰু বহনক্ষম জীৱিকাৰ সুযোগকে ধৰি প্ৰাথমিক সুবিধাসমূহ প্ৰদান কৰা। ট্ৰাইফেডে ৰাজ্যিক ৰূপায়ণ সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰি বিভিন্ন সম্প্ৰদায়সমূহক সংগঠিত কৰি সঁজুলি প্ৰদান কৰিব আৰু অৰ্থনৈতিক কাৰ্য-কলাপসমূহৰ বিষয়ে সজাগতা আৰু জ্ঞানৰ ভাগ-বতৰা কৰিব।

এনআইইএছবিইউডিয়ে বিত্তীয় সাক্ষৰতা, মূল্য সংযোজন আৰু ব্যৱসায়িক বুদ্ধিমত্তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব। এই উপলক্ষে নিজৰ অভিমত ব্যক্ত কৰি এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “এই প্ৰেক্ষাপটত আঁচনিখনৰ দৃষ্টিভংগীৰ কোনো সমান্তৰাল তাৎপৰ্য নাই আৰু মই কৃতজ্ঞ যে এমএছডিইয়ে ইয়াক জীৱন্ত কৰি তোলাৰ বাবে এই পৰ্যায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”