গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১ ছেপ্টেম্বৰৰ পৰা ৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় উত্তৰ-পূব দক্ষতা আৰু উদ্যোগী সন্মিলন ২০২৩। যাৰ উদ্দেশ্য হৈছে এখন গতিশীল দ্বিমুখী মঞ্চ প্ৰদান কৰা, যাৰ জৰিয়তে যাতে একত্ৰীকৰণ আৰু সহযোগিতা বৃদ্ধি কৰিব পাৰি। এই অনুষ্ঠানৰ লক্ষ্য় হৈছে মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, শিক্ষাবিদ, উদ্যোগ প্ৰতিষ্ঠান, বিভিন্ন সংস্থা, নীতি নিৰ্ধাৰক, নিগম আৰু হিতাধিকাৰীসকলক একত্ৰিত কৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষতা আৰু উদ্যোগীকৰণ সন্দৰ্ভত আলোচনা কৰা।
উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ বাবে এমএছডিইৰ দৃষ্টিভংগী প্ৰচাৰ কৰা, উত্তৰ-পূবৰ বাবে এমএছডিইৰ বিশেষ পেকেজৰ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা আৰু আঞ্চলিক নেটৱৰ্কসমূহ শক্তিশালী কৰাই এই অনুষ্ঠানৰ মূল লক্ষ্য। এই অনুষ্ঠানত অঞ্চলটোৰ সামগ্ৰিক উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰ, বিত্তীয় সমৰ্থন, জীৱিকাৰ সুযোগ আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।
এই অনুষ্ঠানত এমএছডিইয়ে আই আই ই আৰু আই আই টি গুৱাহাটীৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে বৈদ্যুতিক বাহন সেৱা টেকনিচিয়ান, সৌৰ পেনেল ইনষ্টলেচন টেকনিচিয়ান আৰু বৈদ্যুতিক টেকনিচিয়ানৰ বাবে ৩টা আৱাসিক দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ লগতে ট্ৰিছামৰ অধীনত জনজাতীয় প্ৰাৰ্থীসকলে প্ৰস্তুত কৰা একাধিক সামগ্ৰী মুকলি কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, উদ্যোগ সংস্থা, শিক্ষাবিদ, নীতি নিৰ্ধাৰক, উদ্যোগী, ষ্টাৰ্ট-আপ আৰু তৃণমূল পৰ্যায়ৰ বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি এখন মঞ্চ প্ৰদান কৰা হয়। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি দক্ষতা বিকাশ আৰু উদ্যমিতা তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে, “আত্ম-সহায়ক গোট, এফপিঅ’ৰ বাবেও আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব, যিসকলে বিশ্বৰ ডিজিটাইজেচন বৃদ্ধিৰ এই অবিশ্বাস্য সুযোগ লাভ কৰিছে – তেওঁলোকৰ উদ্ভাৱনক ই-কমাৰ্চ আৰু প্ৰযুক্তি মঞ্চৰ জৰিয়তে স্থানীয় সম্প্ৰদায়ৰ বাহিৰেও বহু দূৰৰ বজাৰলৈ প্ৰেৰণ কৰিব পাৰি।”