দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰালয়ে ভাৰতত উদ্যোগৰ বিকাশৰ বাবে “চিন্তানশবীৰ” পৰিচালনা কৰিছিল। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, সংগঠন, প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু উদ্যোগীকে ধৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰা। উদ্যোগীকৰণ বৃদ্ধিৰ বিভিন্ন দিশ সমাধান, গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ গভীৰভাৱে ৰেখাপাত কৰাৰ লগতে কাৰ্যকৰী ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অনুষ্ঠানটোক নিৰ্দিষ্ট ব্ৰেক-আউট ছেচনত বিভক্ত কৰা হৈছিল এই চিন্তন শিৱিৰ।
প্ৰথম ব্ৰেক-আউট ছেচনত ভাৰতত উদ্যোগীকৰণ পৰিস্থিতিতন্ত্ৰ(ইক’চিষ্টেম) শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। গ্ৰাম্য আৰু নগৰ অঞ্চলৰ উদ্যোগীসকলক সহায় কৰাৰ বাবে এক একত্ৰিত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। দ্বিতীয় ছেচনত উদ্যোগসমূহৰ বাবে বিত্তীয়, বিপণন, ডিজিটেল সংযোগ আৰু এণ্টাৰপ্ৰাইজ বৃদ্ধি, আৰ্থিক লেনদেনৰ প্ৰৱেশাধিকাৰ উন্নত কৰা, বৈকল্পিক পুঁজিৰ আৰ্হি প্ৰদান কৰা, বজাৰৰ প্ৰৱেশৰ সুযোগ অন্বেষণ কৰা আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তৃতীয় ছেচনত সামৰ্থ্য বিকাশ, পৰামৰ্শ আৰু হেণ্ডহল্ডিং, কাৰ্যকৰী প্ৰশিক্ষণ কাৰ্যসূচী, প্ৰামাণিকীকৰণ, প্ৰতিষ্ঠানগত নেটৱৰ্ক আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
কৰ্মশালাৰ পৰা প্ৰাপ্ত মুখ্য পদক্ষেপসমূহৰ ভিতৰত আছে নিৰন্তৰ মেণ্টৰিং আৰু পৰামৰ্শ সমৰ্থন প্ৰদান কৰা, ক্ৰেডিট বৃদ্ধি কৰা, ব্ৰেণ্ডিং আৰু বিপণন আৰু ডিজিটেল সাক্ষৰতা আৰু গ্ৰহণৰ প্ৰচাৰ-প্ৰসাৰ কৰা। কৰ্মশালাখনৰ ওপৰত আলোকপাত কৰি শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “এই ব্ৰেক-আউট অধিৱেশন(ছেচন)সমূহৰ দ্বাৰা আমি সহকৰ্মী বা সহযোগীৰ শিক্ষা, জ্ঞানৰ আদান-প্ৰদান আৰু সহযোগিতাৰ সুবিধা প্ৰদান কৰিব পাৰোঁ, যাৰ ফলত সকলোৰে সামূহিক ক্ষমতা বৃদ্ধি কৰিব পাৰি।”