দুটা নতুন পদক্ষেপ আৰম্ভ কৰাৰ বাবে মেটাৰ সৈতে অংশীদাৰিত্ব এমএছডিইৰ

6

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ দুটা বিশেষ পদক্ষেপ আৰম্ভ কৰাৰ বাবে মেটাৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে: স্কিল ইণ্ডিয়া মিছনৰ বাবে এআই এচিষ্টেণ্ট আৰু ভাৰ্চুৱেল ৰিয়েলিটী (ভিআৰ) আৰু মিক্সড ৰিয়েলিটী(এমআৰ)ত ৫টা উৎকৰ্ষ কেন্দ্ৰ (চিঅ’ই) স্থাপন কৰা। ইয়াৰ অধীনত মেটাৰ অপেন চৰ্ছ লামা মডেলৰ দ্বাৰা চালিত এটা অভিনৱ এআই-চালিত চেটবট বিকশিত কৰা হ’ব, যাতে স্কিল ইণ্ডিয়া ডিজিটেল (এছআইডি) পৰ্টেলত শিক্ষাৰ্থীয়ে নতুন অভিজ্ঞতা লাভ কৰে। মেটাৰ অপেন চৰ্ছ এআই মডেলসমূহক ভাৰতৰ এআই পৰিৱেশ তন্ত্ৰৰ বাবে সুলভ কৰি তুলি ভাৰতৰ এআই অভিযানৰ সৈতে সংগতি ৰাখি বৃহৎ পৰিসৰৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰাৰ সম্ভাৱনা থকা প্ৰভাৱশালী এআই সমাধান গ্ৰহণৰ বাবে এক সহযোগিতামূলক ই-গৰ্ভানেঞ্চ ফ্ৰেমৱৰ্ক গঠনৰ কল্পনা কৰিছে।

এ আই এছিষ্টেণ্টৰ অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে তথ্যৰ প্ৰৱেশাধিকাৰ সুশৃংখল কৰা, শিক্ষণৰ ফলাফল উন্নত কৰা আৰু এক স্বজ্ঞাত ডিজিটেল ইণ্টাৰফেচৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিৰৱচ্ছিন্ন সমৰ্থন প্ৰদান কৰা। মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ তথা ৰাজহুৱা নীতি বিভাগৰ মুৰব্বী শিৱনাথ থুকৰালে এই বিষয়ে কয় যে, “মেটাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে অৰ্থপূৰ্ণ প্ৰভাৱ সৃষ্টি কৰিবলৈ আমি এআই, ভিআৰ আৰু এমআৰৰ দৰে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়(এমডিএছই)ৰ সৈতে এই অংশীদাৰিত্ব শেহতীয়া প্ৰযুক্তি আৰু শিক্ষাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ।”

চিঅ’ই স্থাপনৰ কাৰিকৰী অংশীদাৰ স্কিলভেৰীয়ে শিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলক শেহতীয়া প্ৰযুক্তিৰে সজ্জিত কৰিবলৈ অত্যাধুনিক ভিআৰ আৰু এমআৰ ৰিচৰ্ছ(সম্পদ), পাঠ্যক্ৰম আৰু প্ৰশিক্ষিত পেছাদাৰী প্ৰদান কৰিব, যাৰ ফলত এক নিমজ্জিত আৰু আন্তঃক্ৰিয়ামূলক শিক্ষণৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব।