এম এছ ধোনীৰ স্বাক্ষৰ সংগ্ৰহ : মহানতাক প্লেটিনামেৰে শ্ৰদ্ধাঞ্জলি

67

প্লেটিনাম গিল্ড ইণ্টাৰনেচনেল(পিজিআই)-এ এম এছ ধোনীৰ অনন্য আৰু নিৰ্বাচিত স্বাক্ষৰ সংগ্ৰহ মুকলি কৰিছে, যিসমূহে ক্ৰিকেট কিংবদন্তিজনৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা আৰু মূল্যবোধৰ সাৰাংশক প্ৰতিফলত কৰিছে। এই একচেটিয়া টুকুৰাকেইটাত ৯৫% প্লেটিনামত কাষ্ট কৰা নান্দনিকতা আছে, যিয়ে ধোনীৰ অতুলনীয় শৈলী আৰু চৰিত্ৰক প্ৰতিফলিত কৰে। প্ৰতিটো ডিজাইনে দৃঢ়তা, আত্ম-বিশ্বাস আৰু সাহসৰ কাহিনীক স্পষ্ট ৰূপত বৰ্ণনা কৰে, যিসমূহ ধোনীক সংজ্ঞায়িত কৰা গুণবোৰ উদযাপন কৰে।

এই সংগ্ৰহত প্লেটিনাম গ্ৰীড ব্ৰেচলেট আৰু প্লেটিনাম বল্ড লিংকছ ব্ৰেচলেটকে ধৰি পাঁচটা আকৰ্ষণীয় গহণা প্ৰদৰ্শন কৰা হৈছে, এই সকলোবোৰতে ধোনীৰ স্বাক্ষৰ আছে। সময়ক ধৰি ৰাখি জীৱনতকৈ বিশাল ব্যক্তিত্বক উজলাই তোলা এই টুকুৰাসমূহ এনে পুৰুষৰ বাবে নিখুঁত, যিসকলে নিজৰ আনুষংগিক সামগ্ৰীত শক্তি আৰু আড়ম্বৰক মূল্য প্ৰদান কৰিব বিচাৰে।

পিজিআই ইণ্ডিয়াৰ পৰিচালন সঞ্চালিকা বৈশালী বেনাৰ্জীয়ে এই সহযোগিতাৰ বাবে উৎসাহ প্ৰকাশ কৰি এই নিৰ্বাচিত সামগ্ৰীসমূহে গ্ৰাহকৰ মাজত অনুৰণন ঘটোৱা মূল্যবোধৰ সৈতে কিদৰে সংগতি ৰাখে সেই বিষয়ত আলোকপাত কৰিছে। এম এছ ধোনীয়ে নিজেই উল্লেখ কৰিছিল, “এই টুকুৰাসমূহ কেৱল গহণাই নহয়; মই শিকি অহা বা ইমান দিনে কঢ়িয়াই ফুৰা শিক্ষা-অভিজ্ঞতাৰ জীৱন্ত দলিল।” গুৱাহাটীৰ লগতে সমগ্ৰ উঃ-পূবৰ গ্ৰাহকসকলেও এই সংগ্ৰহ উৎসাহেৰে গ্ৰহণ কৰিবলৈ সাজু হৈছে, বিশেষকৈ ফেষ্টিভ ছিজন ওচৰ চাপি অহাৰ লগে লগে এই উচাহ বৃদ্ধি পাইছে। ৰিটেইলাৰসকলে দেৱালীৰ বাবে সাজু হোৱাৰ সমান্তৰালভাৱে এম এছ ধোনীৰ স্বাক্ষৰ সংগ্ৰহে স্থানীয় গ্ৰাহকসকলৰ সৈতে অনন্য আৰু অৰ্থপূৰ্ণ উপহাৰ অন্বেষণ কৰাসকলৰ হৃদয়ত অনুৰণিত হ’ব বুলি আশা কৰা হৈছে। উৎসৱ উদযাপনৰ ঠিক সময়তে এই নিৰ্বাচিত সংগ্ৰহসমূহ অক্টোবৰৰ পৰা দেশৰ বিপণীসমূহত উপলব্ধ হ’ব।