অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ‘ৱাৰিছ পাঞ্জাৱ দে’ সংগঠনৰ মুৰব্বী তথা খাদুৰ চাহিব সমষ্টিৰ সাংসদ অমৃতপাল সিংসহ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে শীঘ্ৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ ৭সহযোগীক পঞ্জাৱলৈ স্থানান্তৰ কৰিব।
অৱশ্যে, পঞ্জাৱ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। সোমবাৰৰ পৰা অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীসকলক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। পঞ্জাৱ আৰক্ষীয়ে সাংসদ অমৃতপাল সিঙৰ ৭জন সহযোগীক ডিব্ৰুগড় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিব আৰু পাঞ্জাৱৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা বিভিন্ন গোচৰ সন্দৰ্ভত ব্যৱস্থা গ্রহণ কৰিব।
এই আটাইকেইজন অভিযুক্তক পাঞ্জাৱৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হ’ব। ইতিমধ্যে পঞ্জাৱ আৰক্ষীৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।