মটৰোলাৰ মোটো জি৬২ মুকলি

543

মটৰোলাই জি শৃংখলাৰ শেহতীয়া ৫জি স্মাৰ্ট ফোন মোটো জি৬২ ৫জি (moto g62 5G) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যাৰ মূল্য ১৬,২৪৯ টকাৰ পৰা আৰম্ভ হৈছে। মোবাইলটো স্নেপড্ৰেগন®৬৯৫৫জিপ্ৰচেছৰেৰে পৰিপূৰ্ণ হোৱাৰ লগতে মোটো জি৬২ ৫জি-ত আছে ১২০হাৰ্জ ৰিফ্ৰেছ ৰেটৰ সৈতে এটা ছুপাৰ স্মুথ ৬.৫”এফএইচডি+আল্ট্ৰা-মসৃণ ডিচপ্লে।

মোটো জি৬২ ৫জি- ত এক সমৃদ্ধ আৰু বৰ্ধিত বহুমাত্ৰিক ধ্বনি অভিজ্ঞতাৰ বাবে ডলবি এটমছৰ সৈতে টিউন কৰা ষ্টিৰিঅ’ স্পীকাৰ আছে। ইয়াৰ উপৰিও, স্মাৰ্টফোনটোত আছে এক অসামান্য ৫০ মেগাপিক্সেল কোৱাড-ফাংচন কেমেৰা চিষ্টেম, ৮মেগাপিক্সেল ৱাইড+ডিপথ কেমেৰা আৰু মেক্ৰো ভিজন। ফোনটো ৫০০০ এমএএইচ বেটাৰিৰে পৰিপূৰ্ণ, সেয়েহে গ্ৰাহকে বেটাৰী লাইফক লৈ দ্বিতীয়বাৰ চিন্তা কৰাৰ প্ৰয়োজন নহয়। আইপি৫২-ৰেটেড ধূলি আৰু পানীৰ ৰিপেলেণ্ট ডিজাইনত আগবঢ়োৱা কেইটামান ফোনৰ ভিতৰত এইটো এটা।

মোটো জি৬২ ৫জি ১৯আগষ্ট ২০২২-ৰ পৰা দুটা আকৰ্ষণীয় ৰঙৰ প্ৰকাৰ, যেনে মিডনাইট গ্ৰে, আৰু ফ্ৰষ্টেড ব্লু-ৰূপে কেৱল ফ্লিপকাৰ্ট আৰু আগশাৰীৰ ৰিটেইল দোকানত বিক্ৰী হ’ব। ফোনটো দুটা ভেৰিয়েণ্ট ৬জিবি+ ১২৮জিবেণ্ড ৮জিবি+ ১২৮জিবিত উপলব্ধ হ’ব।