পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

4

অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰতি কম বয়সীয়া শিক্ষাৰ্থীসকলৰ আগ্ৰহী কৰি তোলাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অলপতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ কেইখনমান বিদ্যালয়ত আয়োজন কৰা “গঁড় বিদ্যালয়লৈ যায়” শীৰ্ষক এলানি কাৰ্যসূচীত ১৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত আৰু ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহায়ত এই সজাগতা কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয় । ইয়াৰে ২১ নৱেম্বৰত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰথমটো কাৰ্যসূচীত প্ৰায় ৪৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা এই কাৰ্যসূচীত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰৱন্ধক আৰিফ হুছেইনে গঁড়ৰ আৱাসভূমি, সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰিৱেশতন্ত্ৰত ইয়াৰ গুৰুত্ব আদিকে ধৰি তৃণভোজী প্ৰাণীবিধৰ বিষয়ে বিস্তৃতভাৱে উপস্থাপন কৰে। আৰক্ষী বিষয়া নাথে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।