মণিপুৰত ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন । সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই বৃদ্ধি ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। ১৩ ফেব্ৰুৱাৰীত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।লোকসভাত প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এতিয়া পুনৰ ৬ মাহৰ বাবে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বাহাল থাকিব। উল্লেখ্য যে, সংসদৰ অনুমোদন সাপেক্ষে প্ৰতি ছমাহৰ মূৰে মূৰে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰিব পাৰে। কিন্তু এয়া কোৱল তিনি বছৰৰ বাবেহে বৃদ্ধি কৰিব পাৰি। ১৩ আগষ্টত মণিপুৰত ছমাহৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰপতিৰ শাসন সম্পূর্ণ হ’ব।
