মণিপুৰত প্ৰায় ৫৫কোটি ৫২লাখ টকাৰ হেৰ’ইন,আফিং আৰু নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।চূৰাচান্দপুৰ জিলাত অভিযান চলাই ৭.৭৫৫ কেজি নিষিদ্ধ হেৰ’ইন আৰু ৬.৭৩৬ কেজি আফিং জব্দ কৰে। জব্দ কৰা হেৰ’ইনৰ আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত মূল্য প্ৰায় ৫৪.২৯ কোটি আৰু আফিং খিনিৰ মুল্য প্ৰায় ৮৭.৫৭ লাখ টকা ।নিষিদ্ধ চোৰাং সামগ্ৰী সৰবৰাহৰ সৈতে জৰিত থকা মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দুই দিনত পৃথক স্থানত যুটীয়া অভিযান চলাই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইন্টেলিজেঞ্চ সংক্ষেপে ডি আৰ আই, শুল্ক বিভাগ, অসম ৰাইফলচ আৰু মণিপুৰ আৰক্ষীয়ে কোটি-কোটি টকাৰ হেৰ’ইন আফিং আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।
