চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগত ফ্ৰেঞ্চাইজি দল অধিগ্ৰহণ মোহিতে ৰেচিঙৰ

533

ভাৰতৰ মটৰস্প’ৰ্টছৰ পৰিৱেশ নতুনকৈ গঢ়ি তোলাৰ বাবে সমৰ্পিত চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) নিজৰ ৰেংকৰ নতুন পাৱাৰহাউছ আৰু মটৰস্প’ৰ্টছৰ অত্যন্ত অনুৰাগী অভিষেক মোহিতেৰ নেতৃত্বৰ টীম মোহিতে ৰেচিঙক সগৌৰৱে আদৰণি জনাইছে। এই সংযোজনৰ লগে লগে লীগে দেশৰ মটৰস্প’ৰ্টৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। কোলহাপুৰক ভেটি হিচাপে লৈ গঢ়ি তোলা হৈছে এই দলটো।

মোহিতে গ্ৰুপ হৈছে নিৰ্মাণ খণ্ডৰ এক অগ্ৰণী প্ৰতিষ্ঠান, যিয়ে বান্ধ, অট্টালিকা, খনন আৰু ভূমিৰ কামৰ লগতে বস্ত্ৰ, অটোমোবাইল, শিক্ষা, জলবিদ্যুৎ আৰু শক্তি খণ্ডতো নিজৰ বৈচিত্ৰ্যময় বিনিয়োগ অব্যাহত ৰাখিছে। নিৰ্মাণৰ ক্ষেত্ৰখনতে আৱদ্ধ নাথাকি কোম্পানীটোৱে সগৌৰৱে মোহিতেছ ৰেচিং একাডেমী চলায় য’ত ২০০৬ৰ পৰাই ভাৰতৰ আটাইতকৈ ডাঙৰ গো-কাৰ্টিং ট্ৰেক আছে। সমাজলৈ সামূহিক প্ৰভাৱ, যুৱ ক্ষেত্ৰখনলৈ বৰঙণি আৰু বোৰ্ডৰুমৰ বাহিৰেও উৎকৃষ্ট সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত সদায়ে প্ৰতিশ্ৰুতিবদ্ধ মোহিতে গ্ৰুপ। এই মোহিতে গ্ৰুপে শক্তিৰ বহনক্ষমতা, খেল আৰু ভৱিষ্যমুখী দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধতাৰে নিৰ্মাণ দক্ষতাক একত্ৰিত কৰি এক গতিশীল আৰু বহুমুখী সংস্থা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ সৈতে মোহিতে ৰেছিং টীমৰ শেহতীয়া অংশীদাৰিত্বৰ বিষয়ে নিজৰ উত্সাহ ব্যক্ত কৰি অভিষেক মোহিতে কয় যে: “এই অংশীদাৰিত্বৰ জৰিয়তে আমি এই ক্ষেত্ৰত যুৱ প্ৰতিভাক অনুপ্ৰেৰণা আৰু প্ৰতিপালন কৰি ভাৰতীয় মটৰস্পৰ্ট দৃশ্যপটক অন্য এক মাত্ৰা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”