সামৰণি পৰিল প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ ২০২৫ৰ স্নান পৰ্ব

7

মহাশিৱৰাত্ৰিৰ দিনটোত সামৰণি পৰিল প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ ২০২৫ৰ স্নান পৰ্ব। ৪৫ দিন ধৰি চলা এই মহামেলাত এই পৰ্যন্ত পবিত্ৰ স্নান কৰিছে ৬৬ কোটি ৩০ লাখ লোকে। আজি বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মহাকুম্ভৰ সামৰণি ঘোষণা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মহাশিৱৰাত্ৰিত স্নান কৰিবলৈ দুদিন আগৰ পৰাই মহাকুম্ভত জনসমাগম আৰম্ভ হৈছিল। ৰাতিপুৱা ৩:৩০ বজাৰ পৰাই মানুহে স্নান কৰা আৰম্ভ কৰে। এই উপলক্ষে মেলা প্ৰশাসনে ভক্তসকলৰ ওপৰত আটাইকেইটা ঘাটতে পুষ্প বৰষুণ কৰে।

প্ৰতিবেদন অনুসৰি নেপাল, ভূটানৰ বাহিৰেও আমেৰিকা, ইংলেণ্ড, জাপানকে ধৰি ৫০খনতকৈও অধিক দেশৰ লোক মহাকম্ভত পবিত্ৰ স্নান কৰিবলৈ আহিছিল।এইবাৰ মহাকুম্ভত ২০ লাখৰো অধিক লোকে কল্পবাস প্ৰদৰ্শন কৰে। পুহৰ পূৰ্ণিমাৰ আগতেই সকলো কল্পবাসীয়ে মহাকুম্ভত উপস্থিত হৈ সকলো নিয়ম-নীতি পালন কৰি মৌনি অমৱস্যলৈকে সংগমৰ বালিত থাকে।