অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে পুনৰ ৰাজ্য ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে ১৩ মাৰ্চত মোদীয়ে কোকৰাঝাৰত উপস্থিত হৈ বি টি চি চুক্তি অনুসৰি বাঁশবাৰীত হ’বলগীয়া ৰে’লৱে কোচ ৰিপেয়াৰিং ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অভিলাষী ‘অসম মালা’ প্ৰকল্পৰ লগতে বি টি চিৰ বাবে গুৰুত্বপূৰ্ণ ছয়খন বৃহৎ দলঙৰো আধাৰশিলা স্থাপন কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, ১৩ মাৰ্চৰ বিয়লি প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন ৰে’লসেৱাৰ শুভাৰম্ভ কৰাৰ লগতে ৰে’ল বিভাগৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ তেওঁ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত চাহ বাগিচাৰ শ্ৰমিকক পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। আনহাতে, চৰকাৰে নিৰ্মাণ কৰি উলিওৱা ১৫০ মেগাৱাটৰ কপিলী হাইড্ৰ’ পাৱাৰ প্ৰকল্পটো প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব।
ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মাৰ্চৰ পুৱা প্ৰধানমন্ত্ৰী মোদী শিলচৰত উপস্থিত হ’ব। তাত তেওঁ প্ৰায় ২২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছতে ১৫ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰাৰ লগতে বিজেপিৰ ‘যুৱ সংকল্প সমাৰোহ’ত অংশগ্ৰহণ কৰিব। নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় নেতৃত্বৰ এই ঘন ঘন ভ্ৰমণে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধিক উষ্ম কৰি তুলিছে।
ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ ধাৰাক গতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ পুজিৰ প্ৰকল্পসমূহ হাতত লৈছে। বি টি চিৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বৰাক উপত্যকাৰ যাতায়ত ব্যৱস্থালৈকে মোদীৰ এই ভ্ৰমণে সকলো দিশ সামৰি ল’ব। বিশেষকৈ চাহ শ্ৰমিকৰ ভূমি পট্টা আৰু বৃহৎ শক্তি প্ৰকল্পৰ উছৰ্গাৰ জৰিয়তে চৰকাৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল অৱলম্বন কৰা বুলিও ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
