এতিয়াৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে অসমত কেৱল দিল্লীৰ হেভিৱেট নেতাৰ সোঁত দেখিবলৈ পোৱা যাব। ৰাজ্যখনত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰিবলৈ এই মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এলানি উচ্চ পৰ্যায়ৰ কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা লাইভ ফিডৰ জৰিয়তে এই বিশাল ভ্ৰমণসূচীৰ কথা ঘোষণা কৰি কয় যে এই ভ্ৰমণে ৰাজ্যৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক এক নতুন গতি দিব।
২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত উপস্থিত হৈ প্ৰায় ৪,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো মুকলি কৰিব। অসমৰ থলুৱা বাঁহ আৰু ‘কপৌ ফুল’ৰ আৰ্হিত নিৰ্মিত এই অত্যাধুনিক টাৰ্মিনেলটোৰ লগতে বিমানবন্দৰত বৰদলৈৰ এটা ৮০ ফুট ওখ প্ৰতিমূৰ্তিও উন্মোচন কৰা হ’ব। ইয়াৰ উপৰিও গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এক বিশেষ ‘এলিভেটেড কৰিডৰ’ নিৰ্মাণৰ পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
ভ্ৰমণৰ দ্বিতীয় দিনা, অৰ্থাৎ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰত ‘চৰাইদেউ’ ফেৰীৰে ভ্ৰমণ কৰাৰ লগতে নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত মিলিত হ’ব। ইয়াৰ পাছতে তেওঁ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডিব্ৰুগড়লৈ ৰাওনা হ’ব। ডিব্ৰুগড়ত তেওঁ ১০,০০০ কোটি টকীয়া নামৰূপ সাৰ কাৰখানাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে অসমক সাৰ উৎপাদনত স্বনিৰ্ভৰশীল কৰি তুলিব।
প্ৰধানমন্ত্ৰীৰ পাছতেই ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ উন্নয়নমূলক কাৰ্যসূচীত অংশ ল’ব। তেওঁ তাত নৱনিৰ্মিত ‘ভাগৱত গৃহ’ আৰু ৫,০০০ আসনযুক্ত ‘জ্যোতি-বিষ্ণু’ প্ৰেক্ষাগৃহ মুকলি কৰিব। লগতে ৰাজ্যজুৰি চিচিটিভি নিৰীক্ষণ প্ৰকল্পৰো শুভাৰম্ভ কৰিব শ্বাহে। আগন্তুক নিৰ্বাচনৰ লক্ষ্য আগত ৰাখিয়েই বিজেপিৰ এই শীৰ্ষ নেতৃত্বৰ সঘন ভ্ৰমণে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।
