১১ বছৰীয়া কাৰ্যকালত এই পৰ্যন্ত ২৭খন দেশে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদান কৰিছে। ২০১৬ চনৰ পৰা আৰম্ভ হৈছিল সন্মান লাভৰ ধাৰা। অৰ্থাৎ ৯ বছৰৰ ভিতৰতে এই ২৭টা সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।বৰ্তমানলৈকে বহু কেইটা সন্মানেৰে সন্মানিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। বহুকেইখন ৰাষ্ট্ৰই নিজ নিজ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে নৰেন্দ্ৰ মোদীক। তেওঁ এই পৰ্যন্ত বিভিন্ন দেশৰ পৰা ২৭টা সন্মান লাভ কৰিছে।বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মষ্ট এন্সিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয়। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ সময়ত তেওঁক এই সন্মান দিয়া হৈছিল।প্ৰধানমন্ত্ৰী মোদীয়ে সন্মান লাভ কৰা ২৭খন দেশৰ ভিতৰত ৮খন মুছলমান দেশ। এই দেশসমূহ হ’ল কুৱেইট, ইজিপ্ত, বাহৰেইন, মালদ্বীপ, সংযুক্ত আৰৱ আমিৰশ্বাহী, পেলেষ্টাইন, আফগানিস্তান, চৌদি আৰব।
