আজিৰে পৰা পাঁচ দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বুধবাৰে প্ৰথমে ঘানালৈ ৰাওনা হ’ব। অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।ইয়াৰ পিছত ক্ৰমে ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব। যদিও প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সম্পূৰ্ণ সময়সূচী এতিয়াও ৰাজহুৱা কৰা হোৱা নাই, তথাপিও প্ৰকাশিত খবৰ অনুসৰি, মোদীয়ে দুটা উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পাঁচখন দেশৰ ভ্ৰমণ কৰিব।
