আজি প্ৰধানমন্ত্ৰী মোদীয়ে বহু প্ৰত্যাশিত কাশ্মীৰ ৰেল সংযোগ উদ্বোধন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ কাটৰাত ৪৬ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পও জাতিটোৰ বাবে উৎসৰ্গা কৰিছে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিৰাপত্তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ।এই সময়ত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে ।ইয়াৰ সমান্তৰালকৈ তেওঁ কাটৰাত ৪৬ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পও জাতিটোৰ বাবে উৎসৰ্গা কৰিছে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিৰাপত্তাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ আৰম্ভ কৰাৰ পিছত এই কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ভ্ৰমণ । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় ।প্ৰধানমন্ত্ৰী মোদীৰ কাশ্মীৰ উপত্যকা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জম্মু-কাশ্মীৰত উচ্চ নিৰাপত্তাৰ সতৰ্কবাণী জাৰি কৰা হৈছে । আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা আৰু চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ।
