দিল্লীত নিৰুদ্দেশ হোৱা অসমৰ যুৱতীগৰাকীৰ মৃতদেহ উত্তৰাখণ্ডত উদ্ধাৰ ।উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত সোণটিলা হোজাই গাঁৱৰ বাসিন্দা জয়বোলাল হোজাইৰ কন্যা ৰোস্মিতা হোজাইৰ মৃতদেহ ।বিগত ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰোস্মিতা । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল ।শেহতীয়া তথ্য অনুসৰি, পৰীক্ষাৰ পিছত তেওঁৰ সৈতে অন্তিমবাৰৰ বাবে দেখা পোৱা দুজন ব্যক্তিয়ে উত্তৰাখণ্ডৰ শিৱপুৰী থানাৰ কাষ চাপিছিল । এই ঘটনাৰ পিছতে ৰোস্মিতাৰ বৰ্তমানৰ স্থিতি জানিব পৰা হোৱা নাছিল ।যোৱা সোমাবাৰে তেওঁ ৰে’ল বিভাগৰ পৰীক্ষা দিয়াৰ বাবে গুৱাহাটীৰ পৰা দিল্লীলৈ গৈছিল আৰু ৫ জুনত আৰ আৰ বিৰ পৰীক্ষা দি তেওঁ দিল্লীত ভাৰাঘৰত থকা বন্ধুসকলক দেখা কৰিবলৈ গৈছিল ।
