অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অবিহনে এই দুৰ্গা পূজা প্ৰথম, তথাপিও তেওঁৰ উপস্থিতি পূৰ্বতকৈ অধিক শক্তিশালীভাৱে অনুভৱ কৰা হৈছিল। অভাৱগ্ৰস্তসকলৰ কাষত থিয় হৈ তেওঁলোকক সম্ভৱপৰ সকলো দিশতে সহায় কৰাৰ বাবে পৰিচিত জুবিন দাৰ মানৱতাৰ মনোভাৱ এই উৎসৱৰ বতৰত Mirchi Iconic Pujaৰ পথ প্ৰদৰ্শক হৈ পৰিল।
Radio Mirchiএ অমৃত ফাউণ্ডেশ্যনৰ সহযোগত আশ্ৰয় সেৱা হোম, সান্তনীৰ বৃদ্ধাশ্ৰম, আৰু মাদাৰ কেয়াৰ চেণ্টাৰৰ জ্যেষ্ঠ নাগৰিকসকলক ষষ্ঠী আৰু সপ্তমীত (২৮ আৰু ২৯ ছেপ্টেম্বৰ) বিভিন্ন পূজা মণ্ডপ দৰ্শন কৰোৱালে । এন জি অ’ৰ সহায়ক কৰ্মচাৰীৰ সৈতে ৪০ জনতকৈ অধিক জ্যেষ্ঠ নাগৰিকে শৰতৰ সংজ্ঞা নিৰূপণ কৰা ৰং, পোহৰ, আৰু উৎসৱত ট্ৰায়েংগোলাৰ পাৰ্ক, নামবাৰী আৰু ৰেষ্ট কেম্প কালিবাৰীকে ধৰি গুৱাহাটীৰ বহুকেইথন জনপ্ৰিয় দুৰ্গা পূজা মণ্ডপ পৰিদৰ্শন কৰে।
বৃদ্ধাশ্ৰমত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে এই পদক্ষেপৰ শুভাৰম্ভণি কৰা হয়। বন্তি প্ৰজ্বলনৰ লগতে ফুল আগবঢ়াই দুইমিনিট সময় মৌনব্ৰত পালন কৰা হয়, তাৰ পিছত মায়াবিনী গীতটি সমস্বৰে পৰিৱেশণ কৰা হয় । সেই মুহূৰ্তটো আছিল যথেষ্ট স্পৰ্শকাতৰ আৰু শক্তিশালী দুয়োটাই— সেয়া ব’হাগ বিহুই হওঁক বা দুৰ্গা পূজা,জুবিন গাৰ্গ অসমীয়াৰ যিকোনো উদযাপনৰ অবিচ্ছেদ্য অংগ ।
95 Mirchiৰ সন্ধিয়াৰ ৰেডিঅ’ জকী Mirchi RJ Susmitaএ কয়, “এই দুৰ্গা পূজাত আমি এনেকুৱা কাম কৰিব বিচাৰিছিলো যিয়ে জুবিন দাৰ দয়া আৰু মমতাৰ আদৰ্শক আগুৱাই লৈ যায়।উৎসৱবোৰ হৈছে একেলগ হৈ উদযাপন কৰাৰ আয়োজন , আৰু আমাৰ বয়োজ্যেষ্ঠসকলে নিজৰ চৌহদৰ বাহিৰলৈ গৈ পূজাৰ অনুভৱ লোৱাতকৈ আৰু ভাল উপায় কি হ’ব পাৰে? জুবিন দা অমৰ, কাৰণ তেওঁ কেৱল তেওঁৰ গীততেই নহয়, অসমে তেওঁক যিদৰে মৰম কৰি আছে আৰু তেওঁৰ মানৱতাৰ পথ অনুসৰণ কৰি আছে, তাতেই জীয়াই থাকিব।”
ইয়াৰ লগতে অমৃত চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰদীপ বাগ্লাই কয়, ‘অমৃত চিমেণ্টত আমি কেৱল ঘৰেই নহয়, মানৱতাৰ বান্ধোন নিৰ্মাণতো বিশ্বাস কৰোঁ।অমৃত ফাউণ্ডেশ্যনৰ জৰিয়তে এই পদক্ষেপক সমৰ্থন কৰাটোৱেই আছিল আমাৰ জুবিন গাৰ্গলৈ প্ৰণাম জনোৱাৰ উপায় আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকল, যিসকল আমাৰ সমাজৰ স্তম্ভ—দুৰ্গা পূজাৰ আনন্দ অনুভৱ কৰোৱাবলৈ আমাৰ এয়া সৰু প্ৰয়াস । আমি দায়বদ্ধ হৈ আছো এনে পদক্ষেপৰ বাবে যিয়ে প্ৰয়োজন অনুসৰি যত্ন, মৰ্যাদা আৰু ঐক্যতা বিয়পাই।”
জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই পৰিভ্ৰমণ আছিল অত্যন্ত আনন্দময় । অংশগ্ৰহণকাৰীসকলৰ এজনে কয়, “আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমি এই বছৰ খোজ কাঢ়ি ওলাই আহি মণ্ডপসমূহ চাম।আকৌ ডেকা হৈ লাইটৰ তলত খোজ কাঢ়ি ঢাকৰ মাত শুনা যেন লাগিল।এনে লাগিছিল যেন জুবিন গাৰ্গে নিজেই বিচাৰিছিল যে আমি পূজা উদযাপন কৰোঁ।”
গুৱাহাটীৰ মণ্ডপবোৰ সজীৱ হৈ উঠাৰ লগে লগে অমৃত ফাউণ্ডেশ্যনৰ সৈতে Mirchi Iconic Pujaই নিশ্চিত কৰিলে যে এইবাৰ বয়োজ্যেষ্ঠসকলো উদযাপনৰ অংশ হ’ব। এই পদক্ষেপ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি তেওঁলোকে অসমক সোঁৱৰাই দিলে যে যদিও এয়া তেওঁৰ অবিহনে প্ৰথম দুৰ্গা পূজা, তথাপিও তেওঁ পূৰ্বতকৈ অধিক ৰূপত আমাৰ মাজত উপস্থিত আছে — আমাৰ স্মৃতিত, সংগীতত, আৰু তেওঁক আগুৰি ৰখা অমৰ প্ৰেমত।
