Minor Murder in Gujarat : বিয়াৰ প্ৰস্তাৱত সন্মতি নিদিয়া বাবেই ১৬ বছৰীয়া নাবালিকাক নৃশংসভাৱে হত্যা!

63

মুকলি পথত উন্মাদৰ দৰে চোকা অস্ত্ৰৰে বাৰম্বাৰ নাবালিকাগৰাকীৰ শৰীৰত আঘাত কৰে যুৱকজনে।

নৃশংসতাৰ চৰম সীমা অতিক্ৰম কৰা এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে গুজৰাটত। জেতালসৰ অঞ্চলত ২৩ বছৰীয়া এজন যুৱকৰ হাতত মৰ্মান্তিক মৃত্যুক সাবটিলে এগৰাকী নাবালিকাই। অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাম জয়েশ ছাৰভায়া।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বিগত ১৭ মাৰ্চত সংঘটিত হয় এই জঘন্য ঘটনা। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক সেইদিনা নিজৰ ঘৰতে আছিল। গুজৰাটৰ ৰাজকোট জিলাৰ  জেতালসৰ তালুকৰ বাসিন্দা তেওঁলোক। হঠাৎ ঘৰত প্ৰৱেশ কৰে অভিযুক্ত জয়েশে। তাৰ পিছতে কিশোৰীগৰাকীক আগবঢ়ায় বিয়াৰ প্ৰস্তাৱ। কিন্তু যুৱকজনৰ প্ৰস্তাৱৰ মান্তি হোৱা নাছিল কিশোৰীগৰাকী। ইয়াৰ পিছতে নাবালিকাগৰাকীক টানি–আঁজুৰি ৰাস্তালৈ লৈ আহে যুৱকজনে।

মুকলি পথত উন্মাদৰ দৰে চোকা অস্ত্ৰৰে বাৰম্বাৰ নাবালিকাগৰাকীৰ শৰীৰত আঘাত কৰে যুৱকজনে। মুঠ ৩২ বাৰ ঘপিয়াই যুৱতীগৰাকীৰ শৰীৰত। এই ঘটনাত বাধা দিবলৈ যোৱা নাবালিকাগৰাকীক ককাকো গুৰুতৰভাৱে আহত হয়। চিঞৰ–বাখৰ শুনি ওচৰ–চুবুৰীয়া দৌৰি আহি যুৱকজনৰ কবলৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। হাস্পতালত কিশোৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে।