বিশেষ পদক্ষেপৰ জৰিয়তে কৰ্মশক্তিৰ দক্ষতা বৃদ্ধি কৰিবলৈ চুইগীৰ সৈতে সহযোগিতা দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ

137

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ খাদ্য বিতৰণ আৰু দ্ৰুত বাণিজ্য খণ্ডত শ্ৰমিকসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে ‘চুইগী স্কিলছ’ পদক্ষেপৰ শুভাৰম্ভণি কৰিবলৈ চুইগীৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। শেহতীয়াভাৱে স্বাক্ষৰিত এই বুজাবুজি চুক্তি ভাৰত চৰকাৰৰ বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে, যিয়ে বৰ্ধিত লজিষ্টিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত ৮০ লাখ কোটি টকাৰো অধিক বিনিয়োগ কৰা হ’ব।

এই পদক্ষেপে চুইগীৰ প্লেটফৰ্মক স্কিল ইণ্ডিয়া ডিজিটেল হাব(এছআইডিএইচ)ৰ সৈতে একত্ৰিত কৰিব, যিয়ে অনলাইন দক্ষতা বিকাশৰ পাঠ্যক্ৰম, প্ৰমাণপত্ৰ আৰু প্ৰশিক্ষণ মডিউলৰ এক পৰিসৰ প্ৰদান কৰিব। এই পদক্ষেপে চুইগীৰ ৰেষ্টোৰাঁ নেটৱৰ্কৰ প্ৰায় ২.৪ লাখ ডেলিভাৰী অংশীদাৰ আৰু কৰ্মচাৰীক উপকৃত কৰিব, যাৰ ফলত এইসকল লোকৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি পাব। গুৱাহাটীৰ বাবে এই অংশীদাৰিত্বই যথেষ্ট স্থানীয় নিয়োগৰ সুযোগ সৃষ্টি কৰিবলৈ সাজু হৈছে।

এছআইডিএইচৰ সৈতে সহযোগিতাই গুৱাহাটীৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ সম্পদৰ বৰ্ধিত ব্যৱহাৰৰ সুযোগ প্ৰদান কৰিব, যাৰ ফলত চহৰখনৰ অৰ্থনৈতিক বিকাশত সহায়ক হ’ব আৰু খাদ্য বিতৰণ তথা ৰিটেইল(খুচুৰা) খণ্ডত কেৰিয়াৰৰ সুযোগ অধিক সম্প্ৰসাৰিত হ’ব। চুইগীৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোহিত কাপুৰে এই পদক্ষেপৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি কয় যে, “এছআইডিএইচৰ সৈতে একত্ৰিত হৈ আমি আমাৰ কৰ্মশক্তিৰ দক্ষতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ লগতে লজিষ্টিক আৰু খুচুৰা উদ্যোগৰ বৰ্ধিত চাহিদাৰ সৈতে সংগতি ৰখাৰ লক্ষ্য ৰাখিছোঁ।”