গড্ৰেজ জাৰ্চিয়ে ‘গড্ৰেজ জাৰ্চি ইণ্ডিয়া লেক্ট’গ্ৰাফ ফাইণ্ডিংছ ২০২৫-২৬ বিত্তীয় বৰ্ষ’ উন্মোচন কৰিছে, যিয়ে সমগ্ৰ দেশতে গাখীৰ খোৱাৰ ধৰণ, অনুষ্ঠান আৰু অনুপ্ৰেৰণা কেনেদৰে বিকশিত হৈ আছে তাৰ পৰিমাপ কৰা এক অধ্যয়ন। ভাৰতৰ ৮খন মূল চহৰত এই বিষয়ে অধ্যয়ন কৰা হৈছিল, য’ত নতুন জীৱনশৈলীৰ পছন্দৰ সৈতে খাপ খুৱাই গাখীৰ কেনেকৈ দৈনন্দিন কাম-কাজৰ সৈতে ব্যৱহৃত হয় সেই কথা উন্মোচিত হৈছিল। পূব ভাৰতত এই তথ্যত এনে এটা অঞ্চলৰ পোহৰলৈ আনিছে, য’ত গাখীৰ খোৱা আন কামৰ দৰেই মনত ৰখা হয়। পূব ভাৰতৰ ৭৮% লোকে কয় যে, গাখীৰে তেওঁলোকক শৈশৱৰ কথা মনত পেলাই দিয়ে, ৰাষ্ট্ৰীয় গড় ৫৭% লোকৰ তুলনাত, যাৰ ফলত ই দেশৰ আটাইতকৈ শক্তিশালী “স্মৃতি-নেতৃত্বাধীন” গাখীৰৰ বজাৰ হৈ পৰিছে।
প্ৰায় ৭৮% লোকেও গাখীৰক আৰাম বা অভ্যাসৰ সৈতে সংযোগ কৰে, আন অঞ্চলতকৈ এখোজ আগুৱাই আছে, ইয়াৰ পৰা দেখা যায় যে গাখীৰক এতিয়াও আৱেগিক উপাদান হিচাপে গণ্য কৰে। অনুষ্ঠানৰ ক্ষেত্ৰত, ৭৫% পূব ভাৰতীয়ই উৎসৱ আৰু বিশেষ উদযাপনৰ সময়ত সোৱাদযুক্ত গাখীৰ বাছনি কৰে, বিপৰীতে আন অঞ্চলত প্ৰায় ৩০–৪১% আৰু ৫০% লোকে বৰষুণৰ সময়ত ইয়াক পছন্দ কৰে, আন কিছুমান অঞ্চলতকৈ প্ৰায় দুগুণ বেছি। পূব ভাৰতৰ ৬৭% লোকে ব্ৰেকফাষ্টত গাখীৰ খায় আৰু ৬৬% লোকে ইয়াক সন্ধিয়াৰ জলপান হিচাপেও গ্ৰহণ কৰে, ইয়াৰ পৰা দেখা যায় যে গাখীৰ প্ৰায়ে সমগ্ৰ দিনটো ব্যৱহৃত হয়। ৫৪% অভিভাৱকে চিন্তিত যে তেওঁলোকৰ সন্তানৰ বৃদ্ধি নিজৰ শৈশৱৰ তুলনাত পিছুৱাই আছে আৰু ৬৪% অভিভাৱকে গাখীৰ কমোৱাৰ বাবে হাড়ৰ শক্তি কম হোৱাৰ আশংকা কৰে। একে সময়তে প্ৰটিনক অগ্ৰাধিকাৰ দিয়া হয়, ৬২% অভিভাৱকে প্ৰটিন আৰু গোটেই দিনটোৰ শক্তিৰ বাবে গাখীৰৰ ওপৰত নিৰ্ভৰশীল।
গড্ৰেজ জাৰ্চিৰ বিপণন বিভাগৰ মুৰব্বী শান্তনু ৰাজে এই ফলাফলৰ বিষয়ে মন্তব্য কৰি কয় যে, “গড্ৰেজ জাৰ্চিৰ দৰে এটা ব্ৰেণ্ডৰ বাবে এয়া এক দায়িত্ব আৰু এক সুযোগ সমানেই। আমাৰ উচ্চাকাংক্ষা হৈছে গ্ৰাহকসকলে যাতে কেতিয়াও সোৱাদ, সুবিধা আৰু পুষ্টিৰ মাজত বাছনি কৰিব লগা নহয়, সেয়া নিশ্চিত কৰা।” মন কৰিব লগীয়া যে, পৰম্পৰাগত পানীয়ৰ বাহিৰেও সমগ্ৰ দেশতে দুগ্ধজাত সামগ্ৰী ঘৰুৱা খাদ্য হৈয়েই আছে, দৈ (৮০%), পনীৰ (৭৬%) আৰু মাখন (৭৪%) আদি দৈনিক খাদ্য তালিকাত সংযোজিত হৈ আছে।
