এমজি উইণ্ডচাৰ ইভিয়ে উৎক্ষেপণৰ দিনা ১৫,১৭৬ বুকিংৰ সৈতে মাইলৰ খুঁটি অৰ্জন কৰে

86

ভাৰতৰ প্ৰথমখন ইন্টেলিজেন্ট চিইউভি এমজি উইণ্ডছ’ৰ ইভি-য়ে ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে পুৱা ৭:৩০ বজাৰ পৰা বুকিং আৰম্ভ হোৱাৰ কিছু মিনিটৰ পিছতে গ্ৰাহকসকলৰ পৰা উল্লেখযোগ্য সঁহাৰি লাভ কৰে৷ ২৪ ঘণ্টাৰ ভিতৰতে কোম্পানীটোৱে ১৫,১৭৬ গোটৰ বাবে বুকিং লাভ কৰি এমজি উইণ্ডছ’ৰ-য়ে এনে কৃতিত্ব অৰ্জন কৰা ভাৰতৰ প্ৰথমখন পেচেঞ্জাৰ ইভি হিচাপে পৰিগণিত হৈছে৷ এই মাইলৰ খুঁটিটোৱে ভাৰতীয় বজাৰত চাৰিচকীয়া ইভিসমূহৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰকাশিত কৰি তোলাৰ লগতে বৈদ্যুতিক চলাচলৰ দিশলৈ হোৱা স্থানান্তৰণৰ ওপৰত আলোকপাত কৰিছে৷ এই বিষয়টোৰ ওপৰত মন্তব্য কৰি জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ চীফ কমাৰ্চিয়েল অফিচাৰ সতীন্দৰ সিং বাজৱা-য়ে কয় যে, ‘‘এমজি উইণ্ডছ’ৰখনক সৰ্বান্তকৰণেৰে আকোৱালি লোৱাৰ লগতে মাত্ৰ এদিনতে ১৫,১৭৬ গোট বুকিঙৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ সক্ষম কৰি তোলা আমাৰ গ্ৰাহকসকলৰ প্ৰতি আমি চিৰকৃতজ্ঞ৷ এই সাফল্যই ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰত প্ৰগতিশীল শক্তি হিচাপে এমজি উইণ্ডছ’ৰৰ স্থিতিক দৃঢ় কৰি তুলিছে৷ এই সাফল্যৰ মাপকাঠিত উপনীত হোৱা প্ৰথমখন ইভি হিচাপে এমজি উইণ্ডছ’ৰৰ জনপ্ৰিয়তাই ভাৰতীয় বাহন ক্ৰেতাসকলৰ মাজত দীৰ্ঘস্থায়ী, মিতব্যয়ী আৰু চালক-বন্ধুত্বপূৰ্ণ পৰিবহণৰ পছন্দসমূহৰ বৰ্ধিত চাহিদাৰ ওপৰত গুৰুত্ব আৰোপক আলোকপাত কৰে৷ এই ক্ৰমাগত বিকাশত অৰিহণা যোগাবলৈ পাই আমি আনন্দিত হোৱাৰ লগতে উদ্ভাৱনীমূলক, বুদ্ধিমত্তাসম্পন্ন আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ চলাচল সমাধানসমূহ প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷’’

এই উইণ্ডছ’ৰ ইভিখনত চেডান-ৰ আৰাম আৰু এছইউভি-ৰ প্ৰসাৰৰ সংমিশ্ৰণ ঘটিছে৷ ইন্টেলিজেন্ট চিইউভি-খনত এৰ’ডাইনেমিক ডিজাইন, বিশাল আৰু পৰ্যাপ্ত পৰিমানৰ অভ্যন্তৰীণ অংশ, মনোৰম স্বৰূপ, ভৰষাযোগ্য সুৰক্ষা, স্মাৰ্ট সংযোগ, চালনৰ আৰামৰ লগতে আৰু বহুতো উচ্চ-প্ৰযুক্তিসম্পন্ন বৈশিষ্ট্যসমূহ বিদ্যমান হৈ আছে৷ বিএএএচ কাৰ্যসূচীৰ অধিনত বাহন ক্ৰেতাসকলৰ বাবে এইখনৰ আকৰ্ষণীয় আৰম্ভণি মূল্য ৯.৯৯/- লাখ টকা + ৩.৫/- টকা প্ৰতি কি.মি.-ত উপলব্ধ৷ ১৩,৪৯,৮০০/- টকা (এক্স-শ্ব’ৰুম)-ৰ পৰা আৰম্ভ হোৱা আউটৰাইট (প্ৰত্যক্ষ) ক্ৰয়ৰ বিকল্পও উপলব্ধ হৈ আছে৷

এমজি উইণ্ডছ’ৰ ইভিখনক আইপি৬৭ প্ৰমাণিত আৰু চাৰিটা ড্ৰাইভিং মোড (ইকো+, ইকো, নৰ্মেল আৰু স্প’ৰ্ট)-ৰ জৰিয়তে ১০০ কিলোৱাট (১৩৬পিএছ) পাৱাৰ আৰু ২০০এনএম টৰ্কৰ এক আকৰ্ষণীয় কৰ্মদক্ষতা প্ৰদান কৰা ৩৮ কিলোৱাটআৱাৰ লি-আয়ন বেটাৰী পেকেৰে শক্তি প্ৰদান কৰা হৈছে যাৰ ফলত ইয়াত এটা চাৰ্জতে এআৰএআই প্ৰমাণিত ৩৩২** কিলোমিটাৰৰ ৰেঞ্জ প্ৰাপ্ত হয়৷  এই চিইউভিখন এক্সাইট, এক্সক্লুচিভ আৰু এচেন্স এই তিনিটা প্ৰকাৰৰ লগতে ষ্টাৰবাৰ্ষ্ট ব্লেক, পীয়াৰ্ল হোৱাইট, ক্লে বেইজ আৰু টৰ্কুইজ গ্ৰীণৰ দৰে চাৰিটা প্ৰাণৱন্ত ৰঙৰ বিকল্পত উপলব্ধ৷ উইণ্ডছ’ৰ ইভিখন মালিকানা অভিজ্ঞতাক নিৰৱচ্ছিন্ন কৰি তুলিবলৈ উদ্যোগটোৰ ভিতৰতেই প্ৰথম কেতবোৰ প্ৰবৰ্তনৰ সৈতে আহিছে৷ এইখন প্ৰথমগৰাকী মালিকক জীৱনজোৰা বেটাৰী ৱাৰেণ্টী, এমজি এপৰ ইহাব-ৰ জৰিয়তে ৰাজহুৱা চাৰ্জাৰসমূহত এবছৰৰ বাবে বিনামূলীয়া চাৰ্জিঙৰ সুবিধা, ৩ বছৰ/৪৫,০০০কি.মি***-ৰ পিছত ৬০% বাইবেকৰ নিশ্চিতি আৰু সম্পূৰ্ণ মানসিক শান্তিৰ বাবে এটা ৩-৩-৩ পেকেজ (বাহনখনৰ ওপৰত ৩ বছৰৰ সীমাহীন কিলোমিটাৰ ৱাৰেণ্টী/৩ বছৰৰ আৰএছএ ক’ভাৰেজ/৩টা লেবাৰ-ফ্ৰী সেৱা) – এমজি ই-চীল্ডৰ সৈতে আগবঢ়োৱা হৈছে৷