এমজি উইণ্ডছৰে শেহতীয়া টিজাৰত প্ৰদৰ্শন কৰিলে পানীৰ পৰা বাহনখন ৰক্ষা কৰিব পৰা অতুলনীয় সামৰ্থ্য

100

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ক্ৰছঅভাৰ ইউটিলিটী ভেহিকেল(চি ইউ ভি) এম জি উইণ্ডছৰৰ এক আকৰ্ষণীয় টিজাৰ মুকলি কৰিছে, য’ত বাহনখনৰ আকৰ্ষণীয় পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰিব পৰা সামৰ্থ্যক উজ্জ্বল কৰি তোলা হৈছে। টিজাৰটোত উইণ্ডছৰৰ বাৰিষাত তিতি থকা পথকে ধৰি প্ৰত্যাহ্বানমূলক পথত যাত্ৰা কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে, যি হৈছে আমাৰ দেশৰ চালকসকলৰ বাবে দেখা দিয়া সঘনাই হোৱা প্ৰত্যাহ্বান।

এম জি উইণ্ডছৰৰ উচ্চ মানদণ্ডৰ অভিযান্ত্ৰিকীকৰণ, উন্নীত গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু শক্তিশালী ডিজাইনে ইয়াক পানীৰ গভীৰতা অনায়াসে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰে, যাৰ ফলত নিৰাপদ আৰু মসৃণ ড্ৰাইভিং অভিজ্ঞতা নিশ্চিত হয়। এই সুবিধাসমূহ পূৰ্বে প্ৰকাশ কৰা ছেগমেণ্টত প্ৰথম এৰো-লাউঞ্জৰ আসনৰ সৈতে উইণ্ডচৰক বিলাসীতা আৰু ব্যৱহাৰিকতা বিচৰা গ্ৰাহকৰ বাবে সৰ্বাধিক পছন্দৰ হিচাপে স্থান দিছে।

ৰাজকীয় উইণ্ডছৰ কেচেলৰ দ্বাৰা অনুপ্ৰাণিত হৈ এমজি উইণ্ডচৰে সতৰ্ক কাৰুশিল্প আৰু উৎকৃষ্টতাৰ অদম্য় প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। এই বুদ্ধিদীপ্ত চিইউভি যিকোনো পথতে চলিব পৰাকৈ ডিজাইন কৰা হৈছে, য’ত এৰোডাইনেমিক ডিজাইন আৰু প্ৰশস্ত অন্তৰ্ভাগ প্ৰদান কৰা হৈছে, যি নগৰীয়া যাতায়ত আৰু সপ্তাহান্তৰ যাত্ৰা দুয়োধৰণৰ যাত্ৰাৰ বাবে আদৰ্শ।