এম জি সেৱাই ৭০,০০০ৰো অধিক কিশোৰী আৰু মহিলাক কৰিছে সবলীকৰণ, ভাৰতত আগুৱাই নিছে সামাজিক পৰিৱৰ্তনৰ

189

এমজি মটৰ ইণ্ডিয়াৰ সামাজিক পদক্ষেপ এমজি সেৱাই সমগ্ৰ ভাৰততে ১.২ লাখৰো অধিক লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে, কেৱল ২০২৪ চনতে নিজৰ ৰূপান্তৰকামী পদক্ষেপৰ দ্বাৰা ৭০,০০০তকৈ অধিক মহিলা আৰু কিশোৰী লাভৱান হ’বলৈ সক্ষম হৈছে। কিশোৰীৰ শিক্ষা, মহিলা সবলীকৰণ আৰু সামূহিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি এম জি সেৱাই গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে, যাৰ লক্ষ্য হৈছে শিক্ষা, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সুবিধা প্ৰদান কৰি পৰিয়ালসমূহক উন্নীত কৰা। এই পদক্ষেপে ডব্লিউএএছএইচ(পানী, অনাময় আৰু পৰিচ্ছন্নতা)কে ধৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নিজৰ প্ৰসাৰ বৃদ্ধি কৰি আহিছে, যিয়ে ১৬,০০০ৰো অধিক মহিলা আৰু ছোৱালীক যথেষ্ট প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে, অত্যাৱশ্যকীয় সম্পদ-সুযোগৰ সীমিত সুবিধা থকা অঞ্চলসমূহত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰিছে। এম জি সেৱাৰ শৈক্ষিক প্ৰচেষ্টাসমূহৰ ভিতৰত আছে সমগ্ৰ ওড়িশাৰ গ্ৰামাঞ্চলৰ জনজাতীয় সম্প্ৰদায়সমূহত গণিত-সংখ্যাবিদ্যাক অধিক সুলভ কৰি তোলা, যিয়ে ৮০,০০০ৰো অধিক শিশুক শৈক্ষিক প্ৰতিবন্ধকতাসমূহ আঁতৰ কৰাত সহায় কৰিছে।

এমজি সেৱাই নিজৰ মিছন-চালিত দৰ্শনৰ পক্ষত সদায়ে ঠিয় দি আহিছে, যি প্ৰতিষ্ঠানটোৰ প্ৰথম খন গাড়ী মুকলি কৰাৰ পূৰ্বেই আৰম্ভ হৈছিল। চিএছআৰৰ পৃষ্টপোষকতাৰে বাধ্যবাধকতা অবিহনে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ কৰ্মচাৰী আৰু ডিলাৰ অংশীদাৰসকলৰ সমৰ্পণৰ বাবে পদক্ষেপসমূহ বিকশিত হয়, যিসকলে সেৱা আগবঢ়োৱা সম্প্ৰদায়বোৰৰ পৰামৰ্শদাতা, পুঁজি আৰু জড়িতকৰণৰ উৰ্ধ্বলৈ গৈ কাম কৰি আহিছে। এমজি সেৱাৰ প্ৰভাৱ অসমৰ মানুহৰ মাজতো অনুৰণিত হৈছে কিয়নো এমজি-এ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে আৰু ৰাজ্যখনলৈ ইতিবাচক পৰিৱৰ্তনৰ পোষকতা কৰি আহিছে। গুৱাহাটী মহানগৰীত কৰ্মচাৰী আৰু ডিলাৰ অংশীদাৰসকলৰ বৰ্ধিত অংশগ্ৰহণে উদ্যোগটোৰ উপস্থিতি বৃদ্ধি কৰিছে, যিয়ে মহিলা আৰু শিশুসকলৰ বাবে সমৰ্থন আৰু সৱলীকৰণৰো এক সুস্থ পৰিৱেশ গঢ়ি তোলে।

এমজি মটৰ ইণ্ডিয়াৰ চিইঅ’ এমৰিটাছ ৰাজীৱ চাবাই এই থা সদৰি কৰি কয় যে,” আমাৰ দৃষ্টিভংগী একদম সহজ-আমি গাড়ী বিক্ৰীৰ সমান্তৰালভাৱে মহিলাসকলক সমৰ্থন কৰা। আমি সকলোৰে বাবে অধিক উজ্বল আৰু ন্যায়সংগত ভৱিষ্যৎ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। “