এম জি মটৰ ইণ্ডিয়াই বাহন কৰিবলৈ অহা ক্ৰেতাসকলক আনন্দিত কৰাত মনোনিৱেশ কৰি ২০২৪ চনৰ মডেলৰ ৰেঞ্জসমূহত ৱাও মূল্য প্ৰদান কৰি নিজৰ শতবাৰ্ষিকী উদযাপন কৰিছে। কোম্পানীটোৱে এমজি জেডএছ ইভিৰ নতুন ট্ৰিমৰ লগতে এমজি কমেট ইভি, এমজি হেক্টৰ আৰু এম জি গ্লষ্টাৰত ৱাও মূল্য প্ৰদান কৰিছে গ্ৰাহকক।
এমজি জেডএছ ইভি ‘এক্সিকিউটিভ’ হৈছে এক বিলাসী, আৰামদায়ক আৰু সুবিধাজনক বৈদ্যুতিক বাহন, যিয়ে সন্মুখ আৰু পিছৰ আসনৰ যাত্ৰীসকলৰ বাবে এক বিলাসী ইন-কেবিন সুবিধা প্ৰদান কৰে। এই বাহনখন ১৮.৯৮ লাখ টকাৰ ৱাও মূল্যত উপলব্ধ আৰু ইয়াত ৭৫ৰো অধিক সংযোজিত সুবিধা আছে। ভাৰতৰ প্ৰথমখন ইণ্টাৰনেট এছইউভি এমজি হেক্টৰে পেনোৰামিক চানৰুফ, দেশৰ সৰ্ববৃহৎ এইচডি পট্ৰেইট ইনফোটেইনমেণ্ট চিষ্টেম, ডিজিটেল কী আৰু এডিএএছ স্তৰৰ দৰে উন্নত সুবিধাসমূহ আগবঢ়াইছে, এই বাহনখনত পেট্ৰ’ল আৰু ডিজেল দুয়োটা ভেৰিয়েণ্টত উপলব্ধ, বাহনখন ক্ৰমান্বয়ে ১৪.৯৪ লাখ আৰু ১৭.৫০ লাখ টকাৰ পৰা আৰম্ভ হৈছে।
আনহাতে, ভাৰতত বৈদ্যুতিক গতিশীলতা বৃদ্ধিৰ বাবে এম জিয়ে মুকলি কৰিছে কমেট ইভি আৰু এম জি গ্লষ্টাৰ। কমেট ইভিৰ মূল্য ৬.৯৯ লাখ টকা, আনহাতে গ্লষ্টাৰ ভাৰতৰ প্ৰথমখন স্বায়ত্তশাসিত (লেভেল ১) প্ৰিমিয়াম এছ ইউ ভি, আৰু গ্লষ্টাৰৰ মূল্য এতিয়া ৩৭.৪৯ লাখ টকা। এই বিষয়ে এম জি মটৰ ইণ্ডিয়াৰ উপ-পৰিচালন সঞ্চালক গৌৰৱ গুপ্তাই কয় যে, “বৰ্ধিত স্থানীয়কৰণ, দীৰ্ঘম্যাদী মালবাহী চুক্তি, সুশৃংখলিত লজিষ্টিক, উন্নীত যোগান শৃংখল আৰু দীৰ্ঘ-ম্যাদী প্ৰধান সামগ্ৰীৰ ব্যয়ৰ যৌক্তিকৰণৰ বাবেহে এয়া সম্ভৱ হৈ উঠিছে।”
