এম জি মটৰ ইণ্ডিয়াই ১০০ দিনীয়া গ্ৰাহক অভিযানেৰে উদযাপন কৰিছে শতবাৰ্ষিকী

564

উদ্ভাৱন, স্থিতিস্থাপকতা, গ্ৰাহককেন্দ্ৰিকতাৰ প্ৰমাণ হিচাপে সগৌৰৱে আগুৱাই যোৱা ১০০ বছৰীয়া চহকী ইতিহাস সমৃদ্ধ এম জি মটৰ ইণ্ডিয়াই শতবাৰ্ষিকী উদযাপনৰ বাবে সাজু হৈছে। সদায়ে প্ৰযুক্তি আৰু হাঁহিৰ ভেঁটিৰে পৰিচালিত এই ব্ৰেণ্ডটোৱে ভাৰতৰ সমৃদ্ধিৰ কাহিনী, নিজৰ সম্প্ৰদায়ক উৎসাহিত কৰা, বৈচিত্ৰ্যতাক প্ৰসাৰ আৰু বৈদ্যুতিক বাহন (ইভি) পৰিস্থিতি তন্ত্ৰক শক্তিশালী কৰাৰ বাবে গৌৰৱ কৰে। এম জি হেক্টৰ আৰু এম জি জেড এছ ই ভি প্ৰৱৰ্তনৰ জৰিয়তে ২০১৯ চনৰ পৰা এম জি মটৰ ইণ্ডিয়াই কেছ ম’বিলিটিৰ শীৰ্ষত আছে। ব্ৰেণ্ডটোৱে সকলো গাড়ীৰ বাবে সংযোজিত প্ৰযুক্তি আৰু অটন’মাছ লেভেল ২ প্ৰৱৰ্তন কৰিছে।

এম জি মটৰ ইণ্ডিয়াই বিশেষ মূল্য নিৰ্ধাৰণ, বিনিময় লাভালাভ, আনুগত্য আঁচনি, সম্প্ৰসাৰিত ৱাৰেণ্টী আৰু সেৱা প্ৰদানৰ জৰিয়তে ১০০ দিনীয়া গ্ৰাহক অভিযানৰ জৰিয়তে শতবাৰ্ষিকী উদযাপন কৰিছে। ডিলাৰসকলে নতুন গাড়ীৰ বাবে গিভএৱে আৰু ল’য়ালিটি বোনাছ আগবঢ়ায়, লগতে বৰ্তমানৰ গ্ৰাহকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। গ্ৰাহকে এম জি চেণ্টাৰলৈ গৈও সুবিধা লাভ কৰিব পাৰিব। এই বিষয়ে এম জি মটৰ ইণ্ডিয়াৰ চি ই অ’ এমেৰিটাছ ৰাজীৱ চাবাই কয় যে, “আজি আমি পৰৱৰ্তী শতিকালৈ আগবঢ়াৰ লগে লগে ভাৰতৰ প্ৰতি আমাৰ দায়বদ্ধতা পূৰ্বৰ দৰেই অটল আছে।”

নিৰ্মাতাসকলে এষ্টাৰ মিড চাইজ এছ ইউ ভিত এআই এচিষ্টেণ্ট আৰু অটোন’মাছ লেভেল ২ প্ৰযুক্তি প্ৰৱৰ্তন কৰিছে। ২০২১ চনত মুকলি কৰা হৈছিল ভাৰতৰ প্ৰথমখন এডাছ এছ ইউ ভি গ্লষ্টাৰ। এম জিয়ে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে। ভাৰতত ১,৭৫,০০০ ইউনিট বিক্ৰী কৰি ২য় বৃহত্তম ই ভি বিক্ৰেতা হিচাপে পৰিগণিত হৈছে এম জি মটৰ ইণ্ডিয়া।