এম জি মটৰ ইণ্ডিয়াই বৰ্ধিত টেক আৰু সুৰক্ষাৰ সৈতে হেক্টৰ লাইনআপত দুটা নতুন ৭ আসনৰ ভেৰিয়েণ্ট সংযোজন কৰিছে

106

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৭খন আসনযুক্ত দুটা নতুন ভেৰিয়েণ্ট হেক্টৰ প্লাছ ৭-ছিটাৰ চিলেক্ট প্ৰ’ আৰু স্মাৰ্ট প্ৰ’ মুকলি কৰি নিজৰ হেক্টৰ বাহনসূচীৰ সম্প্ৰসাৰণ কৰিছে। চেলেক্ট প্ৰ’ৰ বাবে ১৯,৭১,৮০০* আৰু স্মাৰ্ট প্ৰ’ৰ বাবে ২০,৬৪,৮০০* টকাৰ মূল্যৰ এই নতুন ভেৰিয়েণ্ট দুটাই বিশাল আৰু বহুমুখী প্ৰিমিয়াম এছইউভি অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। চেলেক্ট প্ৰ’ ভেৰিয়েণ্টত চিভিটি ট্ৰেন্সমিছনৰ সৈতে ১.৫ এল পেট্ৰ’ল ইঞ্জিন প্ৰদান কৰা হৈছে, আনহাতে স্মাৰ্ট প্ৰ’ত  আছে ৬-স্পীড মেনুৱেল গিয়েৰবক্সৰ সৈতে ২.০এল ডিজেল ইঞ্জিন।

এই হেক্টৰৰ নতুন ভেৰিয়েণ্ট ভাৰতৰ সৰ্ববৃহৎ ১৪ ইঞ্চিৰ এইচডি প’ৰ্ট্ৰেইট ইনফ’টেইনমেণ্ট চিষ্টেমৰ সৈতে সজ্জিত, যিয়ে ৱায়াৰলেছ এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটোৰ সৈতে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰে। ৭৫তকৈও অধিক সুবিধা সংযুক্ত গাড়ীখনত সন্নিৱিষ্ট আই-স্মাৰ্ট প্ৰযুক্তিয়ে স্মাৰ্ট ড্ৰাইভিং অভিজ্ঞতা নিশ্চিত কৰে। দুয়োটা ভেৰিয়েণ্টতে সুৰক্ষা বৈশিষ্ট্য যেনে এবিএছ, ইবিডি, ইএছপি, টিচিএছ আৰু হিল হল্ড কন্ট্ৰল আদিও অন্তৰ্ভুক্ত কৰা হৈছে।

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া সতীন্দৰ সিং বাজৱাই এই বিষয়ে কয় যে, “এই ৭খন আসনযুক্ত বাহনখন মুকলি কৰি আমি গুণগত মানদণ্ড, আৰাম আৰু অত্যাধুনিক প্ৰযুক্তিৰ বাবে জনাজাত হেক্টৰৰ উত্তৰাধিকাৰ বজাই ৰাখি গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিছোঁ।” গুৱাহাটীকে ধৰি সমগ্ৰ উঃ-পূবত প্ৰিমিয়াম এছইউভিৰ চাহিদা বৃদ্ধি পাইছে, এই নতুন হেক্টৰ বাহনখনে শেহতীয়া বাহন বজাৰত এক শক্তিশালী প্ৰভাৱ পেলাব। হেক্টৰৰ উন্নত বৈশিষ্ট্য, বিশাল আভ্যন্তৰীণ আৰু প্ৰতিযোগিতামূলক মূল্য এই অঞ্চলত বৰ্ধিত গ্ৰাহকৰ সংখ্যাৰ সৈতে অনুৰমিত হ ‘ব বুলি আশা কৰা হৈছে, বিশেষকৈ যিসকল বৃহৎ পৰিয়াল আৰু প্ৰযুক্তি-সচেতন লোকসকল আৰু যিয়ে এক শীৰ্ষ স্তৰৰ ড্ৰাইভিং অভিজ্ঞতা বিচাৰে।