ডিব্ৰুগড়ত মুকলি হ’ল মেট্ৰ’পলিছ হেল্থকেয়াৰৰ উন্নত ডায়েগনষ্টিক লেব

7

ভাৰতৰ দ্বিতীয় বৃহত্তম পেথ’লজী লেবৰেটৰী চেইন মেট্ৰ’পলিছ হেল্থকেয়াৰে ডিব্ৰুগড়ত এক উন্নত অত্যাধুনিক ডায়েগনষ্টিক লেব মুকলি কৰিছে। প্ৰায় ১২০০ বৰ্গফুট এলেকাত বিস্তৃত এই সুবিধা কেন্দ্ৰত প্ৰতি মাহে ১৫,০০০ পৰ্যন্ত পৰীক্ষাৰ বাবে নমুনা প্ৰক্ৰিয়াকৰণ(প্ৰচেছ) কৰিব পৰাকৈ সজ্জিত আৰু ইয়াত সাধাৰণ পেথ’লজীৰ পৰা আৰম্ভ কৰি বিশেষ ডায়েগনষ্টিকলৈকে বহুতো পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্বোধনী অনুষ্ঠানত ইউৰ’ভিছন হস্পিটেলৰ সঞ্চালক ডাঃ অপ্ৰজিৎ চাণ্ডীল্যৰ লগতে মেট্ৰ’পলিছ হেল্থকেয়াৰৰ উচ্চপদস্থ বিষয়া, ৰাজেশ ত্ৰিপাঠী আৰু অনিন্দ্য মজুমদাৰ ডাঙৰীয়াও উপস্থিত থাকে। এই লেবটো মুকলিৰ লগে লগে অসমত মেট্ৰ’পলিছৰ পঞ্চমটো প্ৰচেছিং সুবিধা হিচাপে পৰিগণিত হৈছে, যিয়ে অঞ্চলটোত স্বাস্থ্যসেৱাৰ সুবিধা আৰু অধিক শক্তিশালী কৰি তুলিছে।

মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেডৰ মুখ্য ব্যৱসায়িক বিষয়া (পশ্চিম, পূব আৰু উত্তৰ ভাৰত) ভূপেন্দ্ৰ সিং ৰাজাৱটে কয় যে, “ডিব্ৰুগড়ত এই ডায়েগনষ্টিক লেবৰ আৰম্ভণিয়ে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ মানুহৰ মাজত উন্নত, উচ্চমানৰ ফলাফল প্ৰদানৰ বাবে আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিলে। অত্যাধুনিক প্ৰযুক্তি আৰু আমাৰ দক্ষ পেছাদাৰীসকলৰ বিশেষজ্ঞতাৰ সহায়ত আমি দ্ৰুত, সঠিক আৰু নিৰ্ভৰযোগ্য নিদান সেৱাৰ সৈতে স্থানীয় স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছো। আমি স্থানীয় চিকিৎসালয়, বিশেষজ্ঞ, সাধাৰণ চিকিৎসক আৰু চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ৰোগীসকলৰ বাবে উন্নত স্বাস্থ্যসেৱাৰ ফলাফল নিশ্চিত কৰিবলৈ আগ্ৰহী।”

ইক’পাথ মেট্ৰ’পলিছ লেব চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা লেব চাৰ্ভিচেছৰ মুৰব্বী ডাঃ ৰণিকা বৰুৱাই এই বিষয়ে সদৰি কৰি কয় যে, ‘ডিব্ৰুগড় চহৰৰ চিকিৎসক আৰু ৰোগীসকলৰ ওচৰলৈ সঠিক নিদান আৰু ছুপাৰ-স্পেচিয়েলিটি পেথ’লজী সেৱাৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞতা আনিবলৈ পাই আমি অতিশয় উৎফুল্লিত হৈছো। সুস্থতাৰ বাবেই হওক, দীৰ্ঘদিনীয়া ৰোগ ব্যৱস্থাপনাৰ বাবেই হওক অথবা অংক’লজী আৰু ট্ৰান্সপ্লাণ্ট ইমিউন’লজীৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবেই হওক, আমি নিখুঁত নিদান আৰু ৰোগীকেন্দ্ৰিক যত্নৰ ক্ষেত্ৰত নতুন মাপকাঠি নিৰ্ধাৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ৰোগ ধৰা পেলোৱাৰ প্ৰতিটো পৰ্যায়তে ৰোগীক সহায় কৰাৰ বাবে আমাৰ নিষ্ঠা অদম্য হৈয়ে আছে।” উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বাবে স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াই অহা ডিব্ৰুগড় চহৰত এই মুকলিৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। অঞ্চলটোত গুণগত নিদানৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰি এই নতুন সুবিধাই আগতীয়াকৈ ৰোগ ধৰা চিনাক্তকৰণ আৰু দীৰ্ঘদিনীয়া ৰোগ ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সাজু হৈছে।