ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত মুঠ ২,৭০,৪৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰোপৰি শীৰ্ষ ৩ শিক্ষাৰ্থীৰ নাম ঘোষণা কৰে বোৰ্ডে। শীৰ্ষৰ ২ টা স্থান দখল কৰে যোৰহাট জিলাই।পুৱা ১০.৩০ বজাত ASSEB য়ে ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। সংখ্যাৰ ফালৰ পৰা চলিত বৰ্ষৰ পৰীক্ষাত মুঠ ২,৭০,৪৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৮৯,০৪১ গৰাকী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৫,৮৬২ গৰাকী।প্ৰথম স্থান লাভ কৰে আমিশী শইকীয়াই। যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীগৰাকীয়ে লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৯১(৯৮.৫০শতাংশ)। লগতে দ্বিতীয় স্থান দখল কৰে সপ্তৰ্ষ বৰদলৈ। কমৰূপ (ম)অৱস্থিত অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গৰাকীয়ে লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৯০ (৯৮.৩৩ শতাংশ)। ইয়াৰ বিপৰীতে তৃতীয় স্থান উজ্বলে অনিৰ্বান বৰগোঁহাই। তেওঁ প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাটৰ শিক্ষাৰ্থী। তেওঁ লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৮৯ (৯৮.১৭ শতাংশ)।
