মেটা আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা সুৰক্ষাৰ বাবে আৰম্ভ কৰিছে অভিযান

562

মেটা (Meta) আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে ফাৰহান আখটাৰৰ এমএআৰডিৰ সৈতে অংশীদাৰীত্বৰে মহিলাসকলৰ অনলাইন সুৰক্ষা উন্নত কৰাৰ বাবে “সংকোচ নকৰিব, ৰিপৰ্ট কৰিব, সুৰক্ষিত থাকক” (Don’t Hesitate, Do Report, Stay Safe) নামৰ এক প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

এই অভিযানত অনলাইন অপব্যৱহাৰ, অনুপযুক্ত সমল বা আচৰণৰ ৰিপৰ্ট দিবলৈ ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ সঁজুলি আৰু সম্পদৰ বিষয়ে সজাগতা আৰু জ্ঞান বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।ইংৰাজী আৰু পাঁচটা ভাৰতীয় ভাষা – হিন্দী, বঙালী, মাৰাঠী, কানাড়া আৰু তামিলত – ‘সংকোচ নকৰিব, ৰিপৰ্ট কৰিব, সুৰক্ষিত থাকক’ শীৰ্ষক প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে।

ব্যৱহাৰকাৰীসকলৰ বাবে এক সুৰক্ষিত ইণ্টাৰনেট সৃষ্টিৰ প্ৰচেষ্টা আৰু পদক্ষেপৰ কথা উল্লেখ কৰি ফেচবুক ইণ্ডিয়া (মেটা)ৰ নীতি কাৰ্যসূচী আৰু প্ৰচাৰৰ মুৰব্বী মধু সিং চিৰোহীয়ে কয়, “সংকোচ নকৰিব, ৰিপৰ্ট কৰিব, সুৰক্ষিত থাকক’ অভিযানৰ দ্বাৰা নিশ্চিত যে আমি অধিক লোকক ফেচবুক আৰু ইনষ্টাগ্ৰামত মহিলাসকলৰ বাবে এক শক্তিশালী অভিজ্ঞতা সৃষ্টি কৰাৰ ক্ষেত্ৰত মহিলা আৰু অংশীদাৰৰ বিৰুদ্ধে দেখা অনলাইন ক্ষতিৰ ৰিপৰ্ট দিবলৈ উৎসাহিত কৰিবলৈ সক্ষম হ’ম।” ভাৰতৰ বিভিন্ন আগশাৰীৰ চিএছঅ’-ৰ সৈতে আলোচনা কৰি নিৰ্মাণ কৰা, ‘সংকোচ নকৰিব, ৰিপৰ্ট কৰিব, সুৰক্ষিত থাকক’ অভিযানৰ উদ্দেশ্য হৈছে সজাগতা বৃদ্ধি কৰা।