অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা খেল অন্ত পৰাকৈ পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ যশস্বী জয়ছোৱালৰ ৮২ ৰানৰ সুন্দৰ ইনিংছ স্বত্বেও শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থ বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনা ভাৰতে বিফল হৈ মাত্ৰ ১৬৪ ৰানত পাঁচটা উইকেট হেৰুৱায়।ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ পৰা ৩১০ ৰানত পিছ পৰি আছে আৰু ফলো-অনৰ আশংকাত আছে টীম ইণ্ডিয়া। উল্লেখ্য যে ষ্টিভ স্মিথৰ শতক আৰু উছমান খাৱাজা, মাৰ্নাছ লাবুচাগনে, ছেম কনষ্টাছৰ অৰ্ধশতকৰ সহায়ত অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ইয়াত অনুষ্ঠিত হোৱা বক্সিং ডে টেষ্ট মেচৰ দ্বিতীয় দিনা তেওঁলোকৰ প্ৰথম ইনিংছত ৪৭৪ ৰান সংগ্ৰহ কৰে। ষ্টিভ স্মিথে ১৪০ ৰান অৰ্জন কৰে। স্মিথৰ উপৰিও উছমান খাৱাজাই ৫৭, মাৰ্নাছ লাবুচাগেনে ৭২ আৰু ছেম কনষ্টাছে ৬০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৪টা উইকেট দখল কৰে।
এই খেলখনত অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। চেম কনষ্টাছ আৰু উছমান খাৱাজাই অষ্ট্ৰেলিয়াক এটা ভাল আৰম্ভণি দিছিল। বিশেষকৈ কনষ্টাছে টি-২০ ফৰ্মেটৰ দৰে বেটিং আৰম্ভ কৰিছিল। এই খেল অব্যাহত ৰাখি তেওঁ অৰ্ধশতকও সম্পূৰ্ণ কৰে। খাৱাজা আৰু কনষ্টাছে ১৯.১ অভাৰত ৮৯ ৰান যোগ কৰিছিল। ৰবীন্দ্ৰ জাদেজাই একেটা স্ক’ৰত কনষ্টাছক এলবিডব্লিউৰ দ্বাৰা অংশীদাৰীত্ব ভংগ কৰিছিল। কনষ্টাছে ৬৫ টা বলত ৬ টা চাৰি আৰু ২ টা ছয়েৰে ৬০ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতে উছমান খাৱাজা আৰু মাৰ্নাছ লাবুচাগেনে দ্বিতীয় উইকেটৰ বাবে ৬৫ ৰানৰ অংশীদাৰীত্ব কৰে। মুঠ ১৫৪ ৰানত, বুমৰাহে খাৱাজাক আউট কৰি অংশীদাৰীত্ব ভংগ কৰে। খাৱাজাই ৫৭ ৰানত এটা সুন্দৰ অৰ্ধশতক অৰ্জন কৰে।
লাবুচাগেন আৰু স্মিথে আকৌ এবাৰ ইনিংছৰ দায়িত্ব লয় আৰু তৃতীয় উইকেটৰ বাবে ৮৩ ৰানৰ অংশীদাৰীত্ব কৰে। সুন্দৰে ২৩৭ ৰানত লাবুচাগনেক পেভিলিয়নলৈ প্ৰেৰণ কৰি ভাৰতক তৃতীয় সফলতা প্ৰদান কৰিছিল। লাবুচাগেন আউট হোৱাৰ পিছত বুমৰাহে ট্ৰেভিছ হেডক (০০) বোল্ড কৰে আৰু ভাৰতক যথেষ্ট সকাহ দিয়ে। বুমৰাহে মিচেল মাৰ্চক (৪) মুঠ ২৪৬ ৰানত আউট কৰে।এলেক্স কেৰী আৰু স্মিথে ষষ্ঠ উইকেটৰ বাবে ৫৩ ৰান যোগ কৰিছিল। এই সময়ছোৱাত, স্মিথে ৭১ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। আকাশদীপে কেৰীক (৩১) মুঠ ২৯৯ ৰানত আউট কৰি অংশীদাৰীত্ব ভংগ কৰে।