বাংলাদেশৰ এদিনীয়া অধিনায়ক হিচাপে বৃহস্পতিবাৰে অল-ৰাউণ্ডাৰ মেহদী হাছান মিৰাজক এবছৰৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ শৃংখলাত তেওঁ প্ৰথমবাৰৰ বাবে দলটোক নেতৃত্ব দিব। নজমুল হোছেইন শান্তোৰ পৰা মেহেদীয়ে এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব ল’ব। শান্তো টেষ্টৰ অধিনায়ক হৈ থাকিব। টি-২০ত বাংলাদেশৰ নেতৃত্ব অব্যাহত ৰাখিব লিটন দাসে।
বাংলাদেশে ১৭ জুনৰ পৰা ১৬ জুলাইলৈ শ্ৰীলংকা ভ্ৰমণ কৰিব আৰু ধাৰাবাহিকভাৱে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ইমান সংখ্যক টি-২০ মেচ খেলিব। ইয়াৰ পাছত আগষ্টত ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰা এক বিবৃতিত ২৭ বছৰীয়া মেহদীয়ে কয় যে ব’ৰ্ডে এই দায়িত্ব অৰ্পণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মান।
২০১৭ চনৰ মাৰ্চ মাহত অভিষেক ঘটোৱাৰ পাছৰে পৰা মেহিদীয়ে ১০৫খন এদিনীয়া খেলত অংশ লৈ দুটা শতক আৰু ৬টা অৰ্ধশতকৰ সহায়ত ১৬১৭ ৰান সংগ্ৰহ কৰি ১১০টা উইকেট দখল কৰিছে। দেশক নেতৃত্ব দিয়াটো প্ৰতিজন ক্ৰিকেটাৰৰ সপোন আৰু ব’ৰ্ডে মোৰ ওপৰত দেখুওৱা বিশ্বাসৰ বাবে মই কৃতজ্ঞ বুলিও কয় মেহিদীয়ে। এই দলটোৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।
