২০২৩ৰ জুলাই আৰু আগষ্টত উত্তৰ-পূব(এন ই)ৰ ৰাজ্য – অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডত আয়োজন কৰা হৈছিল মেগা তৈলপাম কৃষি অভিযানৰ । উত্তৰ-পূৰ্বৰ অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডৰ ১৯খন জিলাৰ ৭৫০ হেক্টৰৰো অধিক ভূমি সামৰি মেগা তৈলপাম খেতি আৰম্ভ কৰা হৈছে। এই অভিযান নেচনেল মিছন ফৰ এডিবল অইল- অইল পাম(ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- অইল পাম)ৰ সৈতে সংগতি ৰাখে, যাৰ লক্ষ্য হৈছে ভাৰতত খাৰুৱা পাম তেলৰ উৎপাদন বৃদ্ধি কৰা।
এই বিষয়ে ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছে (আই আই অ’ পি আৰ) মূল্যায়ন কৰিছে যে ভাৰতত প্ৰায় ২৮ লাখ হেক্টৰ তৈলপাম খেতিৰ বাবে উপযোগী, ইয়াৰ ভিতৰত কেৱল উঃ-পূবৰে ৯.৬২ লাখ হেক্টৰ ভূমি উপযুক্ত। ভাৰতলৈ বছৰি প্ৰায় ৯০ লাখ টন পাম তৈলপাম আমদানি কৰা হয়, যি মুঠ খোৱা তেল আমদানিৰ ৫৬%।
আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আইচিএআৰ-আইআইঅ’পিআৰক তৈলপামৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে জিনীয় বা আনুবংশিক সম্পদ ব্যৱস্থাপনা, শস্যৰ বিকাশ আৰু উৎপাদন প্ৰযুক্তিৰ ওপৰত গৱেষণাৰ ব্যৱস্থা কৰিবলৈ বাধ্যতামূলক কৰা হৈছে। তৈলপাম হৈছে সৰ্বাধিক উৎপাদনশীল শস্যসমূহৰ ভিতৰত অন্যতম, ইয়াৰ দ্বাৰা অঞ্চলটোৰ প্ৰায় ১১ মিলিয়ন লোকৰ জীৱনলৈ প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ সম্ভাৱনা আছে। অইল পাম প্লেণ্টেচন ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া সৌগত নিয়োগীয়ে কয় যে, উত্তৰ-পূব ভাৰতৰ অনুকূল বতৰ য’ত ১০০০-৩,০০০ মিলিমিটাৰ বৰষুণ হয়, এনে জলবায়ু তৈলপাম খেতিৰ বাবে উত্তম।