মেডট্ৰনিক আৰু কাৰ্ডিয়াক ডিজাইন লেবে ভাৰতত এক থলুৱাভাৱে বিকশিত হৃদযন্ত্ৰৰ ছন্দ নিৰীক্ষণ প্ৰযুক্তি পদ্ম ৰিদমছ® মুকলি কৰিবলৈ অংশীদাৰিত্ব কৰিছে। মেডট্ৰনিক ভাৰতত পদ্ম ৰিদমছৰ এক্সক্লুছিভ ডিষ্ট্ৰিবিউটৰ(একচেটিয়া বিতৰক) হ’ব। আনহাতে দুয়োটা কোম্পানীয়ে সমগ্ৰ দেশতে প্ৰযুক্তিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰিত কৰিবলৈ যুটীয়াভাৱে প্ৰশিক্ষণ আৰু শৈক্ষিক কাৰ্যসূচীও বিকশিত কৰিব। চিডিএলে ডিজাইন কৰা পদ্ম ৰিদমছ ইএলআৰ পেচ্ছত এটা বাহ্যিক পেচ্ছৰ সুবিধা আৰু এটা হল্টাৰৰ উন্নত ক্ষমতাৰ সৈতে সংযুক্ত কৰা হৈছে যাতে নিৰীক্ষণ সময়ৰ বাবে সঠিক আৰু অন্তৰ্দৃষ্টিপূৰ্ণ তথ্য নিশ্চিত হয়।
মেডট্ৰনিক ইণ্ডিয়াৰ উপাধ্য়ক্ষ আৰু পৰিচালনা সঞ্চালক মাইকেল ব্লেকৱেলে ভাৰতত হৃদযন্ত্ৰৰ ছন্দ নিৰীক্ষণত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চিডিএলৰ সৈতে অংশীদাৰিত্ব লৈ যথেষ্ট উৎসাহী।এই ডিভাইচটো পৰীক্ষা, ডাটা, এলগৰিথম, বিশ্লেষণ, সমীক্ষা-পৰ্যালোচনা আৰু ৰিপৰ্ট চোৱা-চিতা বা পৰিচালনা কৰাৰ বাবে এক সংযোজিত প্লেটফৰ্মৰ দ্বাৰা চালিত। চিডিএলৰ উদ্ভাৱনত নিৰ্ভৰযোগ্য কাৰ্য্যপ্ৰবাহ আৰু ডিভাইচ ব্যৱহাৰৰ বাবে নূন্যতম হস্তক্ষেপৰ সৈতে ঘাম-প্ৰৰোচক পৰিস্থিতিত ব্যৱহাৰৰ বাবে ডিজাইন কৰা ৱেয়াৰেবল অন্তৰ্ভুক্ত কৰা হৈছে।
এটা স্বয়ংক্ৰিয় তথ্য স্থানান্তৰ ব্যৱস্থাই চিকিৎসক আৰু কাৰিকৰীসকলক বাস্তৱ সময়ৰ পৰীক্ষা ব্যৱস্থাপনা ডেচব’ৰ্ড আৰু সম্পূৰ্ণ প্ৰকাশসমূহ অন-ডিমাণ্ডত প্ৰৱেশ কৰাৰ অনুমতি দিয়ে। এই সহযোগিতাৰ লক্ষ্য হৈছে ভাৰতত হৃদযন্ত্ৰৰ ছন্দ নিৰীক্ষণক নতুন ৰূপ দিয়া আৰু সমগ্ৰ দেশতে ইয়াৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰি ন ন অঞ্চলৰ অধিক ৰোগীক সেৱা আগবঢ়োৱা।