গ্লবেল হেল্থ লিমিটেডৰ দ্বাৰা পৰিচালিত গুৰুগ্ৰামৰ মেদান্তা–দ্য মেডিচিটীক ‘বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসালয় ২০২৬’ৰ ৰেংকিঙত ভাৰতৰ ১নং হাস্পতালৰ স্বীকৃতি প্ৰদান কৰিছে, ষ্টেটিষ্টা ইনকৰ্পৰেচনৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত নিউজউইকে এই স্বীকৃতি প্ৰদান কৰে। স্বাস্থ্যসেৱাৰ উৎকৃষ্টতাৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব পুনৰ দৃঢ় কৰি মেদান্তাই বিশ্বৰ আগশাৰীৰ চিকিৎসালয়সমূহৰ ভিতৰত একেৰাহে সপ্তম বছৰতো স্থান লাভ কৰিছে। ২০২৬ চনৰ ৰেংকিঙত ভাৰত, অষ্ট্ৰেলিয়া, কানাডা, জাৰ্মানী, জাপান, ছিংগাপুৰ, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাকে ধৰি ৩২খন দেশৰ ২,৫০০+ চিকিৎসালয়ৰ মাজত মূল্যায়ন কৰা হৈছিল।
হাজাৰ হাজাৰ চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ, ৰোগীৰ অভিজ্ঞতাৰ তথ্য, চিকিৎসালয়ৰ মানদণ্ড আৰু ৰোগীৰ প্ৰতিবেদিত ফলাফল পৰিমাপ(পিআৰঅ’এম)ৰ জৰীপৰ ওপৰত ভিত্তি কৰি এই মূল্যায়ন কৰা হৈছিল—যিয়ে এক বিস্তৃত আৰু ৰোগীকেন্দ্ৰিক মূল্যায়ন কাঠামো নিশ্চিত কৰিছিল। মেদান্তাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহনে এই কৃতিত্ব সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে, “ভাৰতৰ ১নং চিকিৎসালয় হিচাপে স্বীকৃতি পোৱাটো ক্লিনিকেল উৎকৃষ্টতা, উদ্ভাৱন আৰু ৰোগীকেন্দ্ৰিক চিকিত্সাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাৰ প্ৰমাণ।
মেদান্তা হাস্পতালত আমি আমাৰ পথ প্ৰদৰ্শক দৰ্শন ‘হৰ এক জন আনমোল’, অৰ্থাৎ ‘প্ৰতিটো জীৱন অমূল্য’ ৰ সৈতে সংগতি ৰাখি, সকলোৰে বাবে বিশ্ব মানদণ্ডৰ স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ সময়ত উন্নত চিকিৎসাৰ পথ প্ৰদৰ্শন কৰিবলৈ, অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আৰু ফলাফল উন্নত কৰিবলৈ নিৰন্তৰভাৱে চেষ্টা কৰোঁ। এআই, ৰবটিক্স আৰু অটোমেচনত কৌশলগত বিনিয়োগৰ জৰিয়তে চিকিৎসালয়খনে ক্লিনিকেল ফলাফল আৰু ৰোগীৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ সৈতে উন্নত আন্তঃগাঁথনি একত্ৰিত কৰে। ই গৱেষণা, চিকিৎসা ক্ষেত্ৰসমূহক আগুৱাই নিয়া আৰু সমগ্ৰ ভাৰত আৰু বিদেশৰ ৰোগীসকলক উচ্চ মানদণ্ডৰ, সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
সমীক্ষাৰ লিংক: https://rankings.newsweek.com/worlds-best-hospitals-2026
