দেশৰ অন্যতম প্ৰাইভেট মাল্টি স্পেচিয়েলিটি চিকিত্সা সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড-মেদাণ্টই গুৱাহাটীত এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত হাস্পতাল স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত নিৰ্মাণ হ’ব লগা নতুন হাস্পতালখনে উঃ-পূৰ্বাঞ্চলত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে মেদাণ্টৰ অভিযানত এক বৃহৎ পদক্ষেপৰ সূচনা কৰিছে। আনুমানিক ৫০০ কোটি টকাৰ বিনিয়োগেৰে হাস্পতালখনে বিভিন্ন ছুপাৰ-স্পেচিয়েলিটি সেৱাৰে চিকিত্সা ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব আৰু অসুস্থ ৰোগীক নতুন জীৱন প্ৰদান কৰিব।
পদ্মভূষণ, পদ্মশ্ৰী আৰু ডাঃ বি চি ৰয় বঁটা বিজয়ী ডাঃ নৰেশ ট্ৰেহানে প্ৰতিষ্ঠা কৰা মেদাণ্ট মেয়’ ক্লিনিক আৰু জনছ হপকিন্সকে ধৰি বিশ্ব চিকিৎসা প্ৰতিষ্ঠানসমূহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। বৰ্তমান মেদাণ্টই সমগ্ৰ গুৰগাঁও, ইন্দোৰ, ৰাঁচী, লক্ষ্ণৌ, পাটনা আৰু নয়ডাত ৩,৩০০ৰো অধিক বিচনাযুক্ত ছখন চিকিৎসালয় সুপৰিকল্পিতভাৱে চলাই আছে। গুৱাহাটীৰ লগতে, মুম্বাই আৰু দিল্লীতো আৰু ২০০০খন বিচনা সংযোজন কৰি হাস্পতাল সম্প্ৰসাৰণৰ পৰিকল্পনা চলি আছে।
নতুন গুৱাহাটীৰ মেদাণ্ট হাস্পতালখনে স্বাস্থ্যসেৱাৰ দৃশ্যপট যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে, যি উত্তৰ-পূবৰ চিকিৎসা কেন্দ্ৰ হিচাপে দ্ৰুতগতিত বিকশিত হৈছে। চুবুৰীয়া ৰাজ্য আৰু সীমান্ত অঞ্চলৰ উন্নত চিকিৎসা আৰু চিকিৎসা পৰ্যটনৰ সম্ভাৱনাৰ বৰ্ধিত চাহিদা আছে, সেয়েহে বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই প্ৰকল্পটোৱে গুৱাহাটীৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি উন্নীত কৰিব আৰু এক গুৰুত্বপূৰ্ণ আঞ্চলিক স্বাস্থ্যসেৱা গন্তব্য হিচাপে চহৰখনৰৰ স্থিতি শক্তিশালী কৰিব।
“আমি গভীৰভাৱ বিশ্বাস কৰোঁ যে গুণগত মানৰ স্বাস্থ্যসেৱা এক অধিকাৰ হোৱা উচিত, বিশেষাধিকাৰ নহয়”, ডাঃ ট্ৰেহনে সুলভ, উচ্চ-মানৰ চিকিৎসা সেৱাৰ বাবে মেদাণ্টৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়। এই হাস্পতালখনে ব্যাপক ট্ৰেন্সপ্লাণ্ট চিকিত্সা, উন্নত অংক’লজি, কাৰ্ডিঅ’লজি, নিউৰ’লজি, অৰ্থ’পেডিক্স, আৰু ৰবটিক অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। ইয়াৰ উপৰিও ৫,০০০-৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হ’ব বুলি আশা কৰা হৈছে, যি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব।
