ম্যানমাৰত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েএক বিবৃতি জাৰি কৰি ভাৰতীয় নাগৰিকসকলক ৰাখাইন প্ৰদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছে। এমইএয়ে এই সতৰ্কবাণীৰ কাৰণ হিচাপে অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতি, দূৰসংযোগ ব্যাহত হোৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ কথা উল্লেখ কৰিছে। বৰ্তমান ৰাখাইন প্ৰদেশত বাস কৰা বা বাহৰ পাতি থকা ভাৰতীয় লোকসকলক তৎক্ষণাৎ খালী কৰিবলৈ পৰামৰ্শ দিছে।
ম্যানমাৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে এই সংঘাতৰ ক্ষিপ্ৰ সমাধানৰ আহ্বান জনাইছে। এমইএৰ সাপ্তাহিক প্ৰেছ ব্রিফিঙত হিংসাৰ অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা আৰু ম্যানমাৰৰ “সামগ্ৰিক ফেডাৰেল গণতন্ত্ৰ” প্ৰতিষ্ঠাৰ দিশত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হয়। ম্যানমাৰত যোৱা কেইবা মাহ ধৰি লক্ষ্যণীয়ভাৱে হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছে।
২০২১ চনত জুণ্টাৰ শাসনৰ পিছত সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি বিবেচিত হৈছে, য’ত যোৱা বছৰৰ অক্টোবৰ মাহত ৩টা সংখ্যালঘু জনগোষ্ঠীয় গোটে সামৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে সমন্বিত আক্ৰমণ সংঘটিত কৰিছিল। এই জনগোষ্ঠীয় শক্তিসমূহে কেইবাখনো চহৰ আৰু সামৰিক প্ৰতিষ্ঠান নিজৰ নিয়ন্ত্ৰণলৈ লৈ যাবলৈ সক্ষম হয়। উল্লেখ্য যে, ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত-ম্যানমাৰ সীমান্তৰে ম্যানমাৰৰ পৰা মিজোৰামলৈ যথেষ্ট ব্যক্তিৰ প্ৰৱেশ ঘটিছে। ২০২১ চনৰ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক বাহিনীৰ অভ্যুত্থানে ইতিমধ্যে অতিক্ৰম কৰিলে তিনি বছৰ।