কেন্দ্ৰীয় চৰকাৰৰ এনএছঅ’ কাৰ্যালয়ে বৃহস্পতিবাৰে নতুন বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপি আকলন প্ৰকাশ কৰে। এই চৰকাৰী পৰিসংখ্যা অনুসৰি এপ্ৰিল-জুন তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে আজি এপ্ৰিল-জুন (কিউ১) ৩ মাহৰ ভাৰতীয় অৰ্থনীতিৰ বাবে চৰকাৰী জিডিপিৰ তথ্য প্ৰকাশ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
এনএছইৰ এমডি তথা চিইঅ’আশিস কুমাৰ চৌহানে কয় যে, ভাৰতৰ প্ৰথম ৩ মাহৰ জিডিপি যথেষ্ট লক্ষণীয়। তেওঁ লগতে কয় যে, “ভাৰতৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপিয়ে স্পৰ্শ কৰিছে ৭.৮ শতাংশ। ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকাৰ অৰ্থনৈতিক বৃদ্ধি প্ৰায় ২ শতাংশ আৰু চীনত একে পৰিসৰৰ আশে-পাশে থাকিব বুলি আশা কৰা হৈছে আৰু ই নিম্নমুখী হৈ আহিছে।
ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হোৱাৰ দিশে ধাৱমান হৈছে। প্ৰথম ত্ৰৈমাসিকত সেৱা খণ্ডত ১০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে আৰু ই শেহতীয়া সময়ছোৱাত বিকাশৰ কেন্দ্ৰবিন্দু হৈ আছে। আনহাতে, সামগ্ৰিকভাৱে বিনিয়োগ ৩৫ শতাংশত আছে, যি অতি উৎসাহজনক। ভাৰতে ভৱিষ্যতৰ বাবে গঢ়ি তুলি নিজকে সাজু কৰিছে, যাতে আহি থকা দিনত দ্ৰুত বিকাশ লাভ কৰিব পৰা যায়।”
