মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে (“মেক্স লাইফ” / “কোম্পানী”) স্মাৰ্ট ৱেলথ এডভাণ্টেজ গ্ৰওথ পাৰ প্লেন (ইউআইএন – ১০৪এন১৩৫ভি০১) মুকলি কৰিছে। এয়া হৈছে এক নন-লিংকড অংশগ্ৰহণকাৰী ব্যক্তিগত জীৱন বীমা সঞ্চয় আঁচনি। এই আঁচনিখনে ‘সুৰক্ষা, তৰলতা তথা নমনীয়তা’ৰ শক্তিক এক সহজ সমাধানলৈ একত্ৰিত কৰে আৰু অৱসৰকে ধৰি জীৱনৰ অন্যতম মাইলৰ খুঁটিৰ সময়ত পৰিয়ালটোৰ বাবে ব্যাপক বিত্তীয় সুৰক্ষা প্ৰদান কৰে।
মেক্স লাইফে বিত্তীয় বৰ্ষ ২০২২-২৩ বৰ্ষত নিজৰ সৰ্বাধিক ১,৬০৪ কোটি টকাৰ PAR বোনাচ ঘোষণা কৰিছে, যি যোৱা বিত্তীয় বৰ্ষত ঘোষণা কৰা বোনাচতকৈ 8% অধিক। স্মাৰ্ট ৱেলথ এডভাণ্টেজ গ্ৰওথ পাৰ প্লেনে গ্ৰাহকসকলক নিজৰ অৱসৰৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিবলৈ ছটা সুবিধা প্ৰদান কৰে: তৰলতা, গেৰাণ্টিযুক্ত উপাদান, নগদ বানচ, অৱসৰৰ উপাৰ্জন, নমনীয়তা আৰু বৰ্ধিত সুৰক্ষা লাভালাভ।
আনহাতে, লিকুইডিটি বা তৰলতাৰ ভিতৰত অন্তৰ্ভুক্ত আছে বৰ্ধিত প্ৰাৰম্ভিক-লিকুইডিটি সুবিধাৰ সৈতে ইনষ্টা ইনকাম, নিশ্চিত উপাৰ্জন**-ভিত্তিক লাভালাভ, নগদ বানচ, নূন্যতম গেৰাণ্টিৰ সৈতে অৱসৰৰ আয়, ৪টা ইনকাম ডিজাইনৰ সৈতে নমনীয়তা আৰু আঁচনি অব্যাহত ৰখা লাভালাভ, অতিৰিক্ত আকস্মিক সুবিধা আৰু বৈকল্পিক ৰাইডাৰৰ জৰিয়তে বৰ্ধিত সুৰক্ষা সুবিধা ইত্যাদি। এই সন্দৰ্ভত মেক্স লাইফৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত ত্ৰিপাথীয়ে কয়, “স্মাৰ্ট ৱেলথ এডভাণ্টেজ গ্ৰওথ পাৰ প্লেনৰ সৈতে আমাৰ প্ৰধান উদ্দেশ্য হৈছে এক বিস্তৃত সঞ্চয় পৰিকল্পনা আগবঢ়োৱা, যিয়ে সেই বছৰবোৰত স্থায়ী আয়ৰ নিশ্চয়তা প্ৰদান কৰে যেতিয়া মানুহক আটাইতকৈ বেছি প্ৰয়োজন হয়।”
