‘আৰোহণ’ পদক্ষেপৰ অধীনত ২১টা নতুন কাৰ্যালয়ৰ জৰিয়তে পূব ভাৰতত উপস্থিতি শক্তিশালী কৰিব মেক্স লাইফে

138

মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ‘আৰোহণ’ পদক্ষেপ মুকলিৰ জৰিয়তে পূব ভাৰতত নিজৰ পদচিহ্ন বঢ়াবলৈ সাজু হৈছে, দেশৰ টায়াৰ ৩ আৰু টায়াৰ ৪ চহৰৰ ২১টা স্থানলৈ নিজৰ সেৱা সম্প্ৰসাৰিত কৰিব। এই সম্প্ৰসাৰণৰ লক্ষ্য হৈছে স্থানীয় বীমা সজাগতা কাৰ্যসূচী আৰু সমাজখনৰ ওপৰত ভিত্তি কৰি লাইফ এডভাইজৰ নিয়োগৰ জৰিয়তে কম সেৱা থকা অঞ্চলসমূহত বীমাৰ ব্যৱধান দূৰ কৰা। এই পদক্ষেপৰ সৈতে সংগতি ৰাখি ‘ডিজিসাৰথি’ প্ৰকল্পও মুকলি কৰা হৈছে, যাৰ জৰিয়তে ১৫টা নতুন শাখা সম্পূৰ্ণৰূপে ডিজিটেল কৰি তোলা হ’ব। এই ৰূপান্তৰে অন-কল সমৰ্থন, ভাৰ্চুৱেল এডভাইজৰ সমৰ্থন আৰু আধুনিকীকৃত শাখা সেৱাৰ সৈতে গ্ৰাহকৰ অভিজ্ঞতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব।

গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে এই সম্প্ৰসাৰণে যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বৰ্তমানে উপলব্ধ নোহোৱা অঞ্চলত বীমাৰ সুলভতা আৰু সেৱাৰ অভিনৱ পদ্ধতিৰ ফলত স্থানীয় বজাৰখন যথেষ্ট পৰিমাণে লাভান্বিত হ’ব। নতুন, ডিজিটেল শাখা আৰু স্থানীয়ভাৱে নিযুক্তিপ্ৰাপ্ত এডভাইজৰসকলে বৰ্তমানৰ উপলব্ধতাৰ ব্যৱধান দূৰ কৰি চহৰ-গাঁওসমূহত গ্ৰাহকৰ সংযোগ বৃদ্ধি কৰিব।

মেক্স লাইফৰ মুখ্য বিতৰণ বিষয়া সুমিত মদনে আইআৰডিএআইৰ ‘২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমা’ দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। সুমিত মদনে এই বিষয়ে কয় যে, “আৰোহণৰ লক্ষ্য হৈছে প্ৰতিটো অঞ্চলত বীমা অধিক সুলভ কৰি তোলা আৰু উদীয়মান বজাৰত নিয়োগ সৃষ্টিত সহায় কৰা। দেশৰ গ্ৰাম্য আৰু অৰ্ধ-নগৰ অঞ্চলসমূহত আমাৰ গুৰুত্বই সামগ্ৰিক বিকাশ আৰু সামূহিক একত্ৰিকৰণৰ প্ৰতি আমাৰ প্ৰসমৰ্পণকে প্ৰতিফলিত কৰিছে।”