বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসদৃশ পৰিবেশৰ মাজতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড। এটা মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ’ণ আক্ৰমণৰ ঘটনা। যাৰ ফলত ৪০ জনৰো অধিক লোকৰ মৃত্যু হয়।বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া চলি আছে অৰাজকতাময় পৰিস্থিতি। জানিব পৰা মতে, শুকুৰবাৰে পুৱা চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী আল-ফাশ্বাৰ চহৰৰ মছজিদত ড্ৰ’ণ আক্ৰমণ চলে। নামাজ পঢ়ি থকাৰ মাজতে চলা এই আক্ৰমণৰ ফলত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হয়। এইসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
