ভাৰতৰ এখন চুবুৰীয়া দেশত বিবাহৰ বিৰুদ্ধে কোম্পানীসমূহে নিজৰ কৰ্মচাৰীসকলক জাৰি কৰিছে বিশেষ জাননী। জাননীত কোৱা হৈছে যে বিয়া নকৰালে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব।

কোম্পানীটোৱে কৰ্মচাৰীসকলক ৩০ ছেপ্টেম্বৰলৈকে সময় দিছে।
২০২৪ চনৰ শেষৰ ফালে ১.৪০৮ ত ৰৈ গৈছে দেশখনৰ জনসংখ্যা। বিগত বছৰৰ তুলনাত ২০২৪ চনত দেশৰ জনসংখ্যা ১৩ লাখৰো অধিক হ্ৰাস পাইছে। জনসংখ্যা হ্ৰাস পোৱাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে।

ইয়াৰ মাজতে চীনৰ কোম্পানীসমূহৰ পৰা অহা এখন জাননী আলোচনাৰ বিষয় হৈয়ে আছে।চীনৰ কোম্পানীবোৰে স্পষ্টকৈ কৈছে যে, যদি আপুনি বিয়া নকৰাই অবিবাহিত হৈ থাকে তেন্তে চাকৰি হেৰুৱাবলগীয়া হ’ব পাৰে। কোম্পানীৰ এই অৰ্ডাৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
