এখন আচৰিত বিবাহ। ৯ মাহৰ প্ৰেম বিবাহৰ অন্তত স্বামীয়ে বিয়া কৰালে পত্নীৰ ভনীয়েকক।

কিন্তু পত্নীৰ অজ্ঞাতেহে। কাৰণ সেই সময়ত তেওঁৰ পত্নীয়ে পৰীক্ষা দিবলৈ আন এখন চহৰলৈ গৈছিল। বিষয়টো আৰক্ষীৰ ওচৰৰ পোৱাত পত্নীয়ে ৰাজহুৱাভাৱে থানাতে প্ৰহাৰ কৰিলে স্বামীক ।

মহাৰাষ্ট্ৰৰ আকোলাত সংঘটিত হৈছে এই ঘটনা। উল্লেখযোগ্য যে এগৰাকী মহিলাৰ স্বামীয়ে তেওঁৰ অনুপস্থিতিত ভনীয়েকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তাৰ পিছত পত্নীক ভিডিঅ’ কল কৰি ক’লে যে ‘ঘূৰি অহাৰ প্ৰয়োজন নাই’।ঘটনাটো মহাৰাষ্ট্ৰৰ আকোলাৰ বৰশিতকলি তালুকৰ বিজোৰা গাঁৱৰ।

তাত বসবাস কৰা সুৰজ তাইদেই ৯ মাহ পূৰ্বে কোমলাক প্ৰেমৰ বিবাহ কৰাইছিল। বিয়াৰ পিছত তেওঁ কোমালাক গোটেই জীৱন লগত থকাৰ প্ৰতিশ্ৰুতিও দিছিল। পত্নীয়ে তেতিয়াও পঢ়া-শুনা কৰি আছিল। ইয়াৰ মাজতে তেওঁৰ পৰীক্ষা আহিল, যাৰ বাবে তেওঁৰ পত্নীয়ে অমৰাৱতীলৈ গৈ তাতেই থাকিব লগা হ’ল। পৰীক্ষা শেষ হ’লেই কোমলাই স্বামীগৃহলৈ উভতি যাবলৈ সাজু হ’বলৈ ধৰিলে। তেতিয়াই পোহৰলৈ আহিলে সমগ্র ঘটনাটো।জানিবপৰা মতে এই গোচৰত দুয়োপক্ষকে ইতিমধ্যেই আৰক্ষীয়ে জেৰা চলাই আছে।