২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ড’নাল্ড ট্ৰাম্পে এই সন্মানীয় বঁটা বিচাৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে জয়লাভ কৰে।আজি ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোই (Maria Corina Machado) এই বঁটা লাভ কৰিছে। তেওঁক এই সন্মান নিজৰ দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে প্ৰদান কৰা হৈছে। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছিল।
