মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হব। এই সন্দৰ্ভত ৰাজ্যসভাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।
আনুষ্ঠানিক জাননী অনুসৰি ইয়াত কোৱা হৈছে যে এই সদনে ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰা ঘোষণাপত্ৰখন সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত মণিপুৰৰ সন্দৰ্ভত ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা ছমাহৰ বাবে অব্যাহত ৰখাত অনুমোদন জনাইছে।
১৩ ফেব্ৰুৱাৰীত এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল। ২০২৩ চনৰ মে’মাহৰ পৰা ৰাজ্যখনত জাতিগত সংঘাত চলি আছে।তাত এতিয়াও স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱা নাই।
