ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল মণিপুৰ। ইয়াৰ লগে লগে শান্তিৰ আশা কৰি থকা মণিপুৰবাসীৰ মনত পুনৰ যেন সৰগ ভাগি পৰিল। তথ্য অনুসৰি, ৫ জানুৱাৰীৰ পুৱা ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত তিনিটাকৈ শক্তিশালী আই ই ডি (IED) বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ অঞ্চল পৰ্যন্ত কঁপি যায়। ইয়াৰ লগে লগে শোৱাপাটীত থকা মানুহসকলৰ মাজত চিঞৰ বাখৰ লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
