চুবুৰীয়া ৰাজ্য মণিপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছে বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে। বিশেষ খবৰৰ ভিত্তিত মণিপুৰৰ ননৈ জিলাৰ টুপুল এলেকাত অভিযান চলাই অসম ৰাইফলছে ১৯৬ টা হেৰ’ইনৰ পেকেট জব্দ কৰিছে।উল্লেখযোগ্য যে, ১৯৬ টা চাবোনৰ বাকচৰ জব্দ কৰা হয় হেৰ’ইনখিনি। জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ২.১৯৩ কেজি বুলি সদৰী কৰিছে অসম ৰাইফলছে।আনহাতে, মণিপুৰৰ জিৰিবাম জিলাৰ লেইনাংপোকপি এলেকাত অভিযান চলাই অসম ৰাইফলছে ১.৮০০ বাকচ দেশীয় সুৰা জব্দ কৰিছে। জব্দ কৰা সুৰাখিনিৰ মূল্য ১৫ লাখ টকা।
