আউটলুক-আইকেয়াৰ ইণ্ডিয়া ইউনিভাৰ্চিটি ৰেংকিং ২০২৩ অনুসৰি মণিপাল একাডেমী অৱ হাইয়াৰ এডুকেশ্যনক ভাৰতৰ শীৰ্ষ ৪০খন ডীমড টু বি ইউনিভাৰ্চিটীৰ এখন হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। শৈক্ষিক উৎকৰ্ষতা, সামগ্ৰিক বিকাশ আৰু উদ্যোগৰ সম্পৰ্কৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ অটল প্ৰতিশ্ৰুতিয়ে ইয়াক ভাৰতীয় উচ্চ শিক্ষাৰ শীৰ্ষলৈ লৈ গৈছে।
১০০০ৰ ভিতৰত ৯১৭.১৫ নম্বৰৰ ব্যতিক্ৰমী নম্বৰ লাভ কৰি মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যনে শিক্ষাৰ ক্ষেত্ৰত নিজৰ ব্যাপক দৃষ্টিভংগী আৰু ছাত্ৰ-ছাত্ৰীসকলক বৃদ্ধি আৰু শিক্ষণৰ অনুকূল পৰিৱেশ প্ৰদানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰিছে। এই ৰেংকিঙে শিক্ষাৰ উৎকৰ্ষতা, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ প্ৰতি বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰা হৈছে, যি দেশজুৰি শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বাবে এক আদৰ্শ দাঙি ধৰিছে।
বিশ্ববিদ্যালয়খনৰ এই উল্লেখযোগ্য কৃতিত্বক লৈ উল্লাস প্ৰকাশ কৰি মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যনৰ প্ৰ’-চেঞ্চেলৰ ড০ এইচ এছ বাল্লালে কয় যে, “এই সাফল্যই আমাৰ শৈক্ষিক আৰু গৱেষণামূলক উৎকৰ্ষতাৰ অবিৰত অনুসৰণক সূচায় আৰু ই আমাৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী আৰু অংশীদাৰসকলৰ অক্লান্ত সমৰ্পণক প্ৰতিফলিত কৰে। আমি ড০ পাইৰ মূল্যবোধ আৰু শৈক্ষিক খ্যাতি প্ৰদান কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিত দৃঢ় হৈ আছোঁ।”
